জন্মদিনৰ প্ৰাকক্ষণত কোহলিয়ে গঢ়িলে নতুন অভিলেখ; এদিনীয়া ক্ৰিকেটত ৩নং স্থানত বেটিং কৰি ১৩ হাজাৰ ৰান কৰা বিশ্বৰ প্ৰথমজন বেটছমেন কোহলি

ভাৰতীয় ক্ৰিকেটৰ তাৰকা বেটছমেন বিৰাট কোহলিৰ মুকুটত সংযোজন হ’ল আন এক নতুন অভিলেখ। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তিনি নম্বৰ স্থানত বেটিং কৰি ১৩ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী বেটছমেন হিচাপে ইতিহাস ৰচিলে কোহলিয়ে।

বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত প্ৰথমখন এদিনীয়া মেচত এই অনন্য অভিলেখ গঢ়ে ভাৰতীয় তাৰকাগৰাকীয়ে। মেচখনত ১৩ হাজাৰ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ কোহলিৰ প্ৰয়োজন আছিল মাত্ৰ ১২ ৰান। লক্ষ্য অনুসৰণ কৰিবলৈ খেলপথাৰত নমাৰ পাছত নিজৰ ইনিংছৰ ১৩সংখ্যক বলত এই মাইলৰ খুঁটি স্পৰ্শ কৰে তেওঁ।

এই কৃতিত্ব অৰ্জন কৰাৰ লগে লগে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত তিনি নম্বৰ স্থানত বেটিং কৰি ১৩ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় কোহলি।

২৫১টা ইনিংছতে ১৩ হাজাৰ ৰান

এই অভিলেখ গঢ়িবলৈ কোহলিৰ মাত্ৰ ২৫১টা ইনিংছৰ প্ৰয়োজন হৈছিল। তিনি নম্বৰ স্থানত বেটিং কৰি তেওঁ এই পৰ্যন্ত ৪৮টা শতৰান আৰু ৭০টা অৰ্ধশতক অৰ্জন কৰিছে।

এই স্থানত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত কোহলীৰ পাছতে আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং। পণ্টিঙে তিনি নম্বৰ স্থানত বেটিং কৰি সংগ্ৰহ কৰিছে ১২,৬৬২ ৰান। আনহাতে, শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰাই ৯,৭৪৭ ৰান আৰু দক্ষিণ আফ্ৰিকাৰ জেক কালিছে ৭,৭৭৪ ৰান সংগ্ৰহ কৰিছে।

তিনি নম্বৰ স্থানত সৰ্বাধিক ৰান সংগ্ৰহকাৰী

ক্ৰিকেটাৰৰান
বিৰাট কোহলি১৩,০০০+
ৰিকি পণ্টিং১২,৬৬২
কুমাৰ ছাংগাকাৰা৯,৭৪৭
জেক কালিছ৭,৭৭৪
কেন উইলিয়ামছন৬,৫০৪
বাবৰ আজম৬,০৫৪
জ’ ৰুট৫,৫২৫

জন্মদিনৰ এদিন পূৰ্বে বিশেষ উপহাৰ

উল্লেখযোগ্য যে ৫ নৱেম্বৰত ৩৮ বছৰ বয়সত ভৰি দিব বিৰাট কোহলিয়ে। জন্মদিনৰ মাত্ৰ এদিন পূৰ্বে এই বিশ্ব অভিলেখ গঢ়ি অনুৰাগীসকলক বিশেষ উপহাৰ দিলে ভাৰতীয় ক্ৰিকেটৰ তাৰকাগৰাকীয়ে।

বেটিং ক্ৰমৰ তিনি নম্বৰ স্থানত দীৰ্ঘদিন ধৰি নিজৰ আধিপত্য বজাই ৰখা কোহলিৰ এই কৃতিত্বই পুনৰ প্ৰমাণ কৰিলে যে এদিনীয়া ক্ৰিকেটত তেওঁ কিয় বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আলফা (স্বাধীন)লৈ পুনৰ অসমৰ যুৱক, তিনিচুকীয়াৰ পৰা সন্ধানহীন ৯ যুৱকক লৈ চাঞ্চল্য অব্যাহত

উজনি অসমত পুনৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যুৱকৰ...

মধ্যকালীন নিৰ্বাচনত ধৰাশায়ী ট্ৰাম্পৰ ৰিপাব্লিকান দল, কংগ্ৰেছৰ দুই সদন দখল ডেম’ক্ৰেটৰ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আহ্বান, সকীয়নি আৰু ব্যাপক নিৰ্বাচনী প্ৰচাৰেও...

বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱস উদযাপন, গুৱাহাটীত বিশেষ কৰ্মশালা

১৫ নৱেম্বৰত স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাৰ...