আলফা (স্বাধীন)লৈ পুনৰ অসমৰ যুৱক, তিনিচুকীয়াৰ পৰা সন্ধানহীন ৯ যুৱকক লৈ চাঞ্চল্য অব্যাহত

উজনি অসমত পুনৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যুৱকৰ যোগদানক লৈ উদ্বেগজনক খবৰ। তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ পৰা একেলগে ৯জন যুৱক সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন যুৱককেইজনে আলফা (স্বাধীন)ত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে চোৰাংচোৱাৰ এক সূত্ৰই। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতি লাভ কৰা হোৱা নাই।

প্ৰাপ্ত তথ্য অনুসৰি, তিনিচুকীয়া জিলাৰ কদমগুৰি অঞ্চলৰ চাৰিজন যুৱক ক্ৰমে লক্ষ্মজিত মৰাণ, বিপ্লৱ মৰাণ, হাতী মৰাণ আৰু নিপু বৰবাই দুৰ্গাপূজা উপভোগ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তাৰ পিছৰে পৰা যুৱককেইজন ঘৰলৈ উভতি অহা নাই। তেওঁলোকৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

আনহাতে, পেঙেৰী থানাৰ অন্তৰ্গত টেকেবাৰী গাঁৱৰ আন পাঁচজন যুৱকো সন্ধানহীন হৈ আছে। তেওঁলোক হৈছে গৌৰাংগ বৰুৱা, উপজিত মৰাণ, বিচিত্ৰ বৰুৱা, চতে ভট্টা আৰু গুণিত বৰুৱা। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যুৱককেইজনে সমনীয়াৰ সৈতে ফুটবল খেলৰ বিষয়ে আলোচনা কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।

উল্লেখ্য যে, গৌৰাংগ বৰুৱা আৰু উপজিত মৰাণ যোৱা ১৮ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছে। আনহাতে, বিচিত্ৰ বৰুৱা, চতে ভট্টা আৰু গুণিত বৰুৱা ২৭ ছেপ্টেম্বৰৰ পৰাই সন্ধানহীন হৈ আছে।

ইতিমধ্যে সন্ধানহীন যুৱককেইজনৰ পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে। ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে।

ইপিনে, চোৰাংচোৱাৰ এক সূত্ৰৰ দাবী অনুসৰি, সন্ধানহীন ৯জন যুৱকে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যোগদান কৰাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষী অথবা নিৰাপত্তা বাহিনীৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

তিনিচুকীয়াৰ পৰা একেলগে ৯জনকৈ যুৱক সন্ধানহীন হোৱা ঘটনাই পুনৰ উজনি অসমত যুৱ প্ৰজন্মৰ একাংশৰ মাজত সশস্ত্ৰ সংগঠনৰ প্ৰতি আকৰ্ষণৰ বিষয়টো চৰ্চালৈ আনিছে। নিবনুৱা সমস্যা, আৰ্থিক অনিশ্চয়তা নে আন কোনো কাৰণত যুৱকসকল এনে সংগঠনৰ প্ৰতি আকৰ্ষিত হৈছে, সেই প্ৰশ্নও উত্থাপন হৈছে।

বৰ্তমান সন্ধানহীন যুৱককেইজনৰ প্ৰকৃত অৱস্থান আৰু আলফা (স্বাধীন)ত যোগদানৰ সন্দৰ্ভত থকা সন্দেহৰ সত্যতা নিশ্চিত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। আনহাতে, নিজৰ সন্তানৰ সুকলমে উভতি অহাৰ আশাত বাট চাই ৰৈছে পৰিয়ালৰ লোকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যকালীন নিৰ্বাচনত ধৰাশায়ী ট্ৰাম্পৰ ৰিপাব্লিকান দল, কংগ্ৰেছৰ দুই সদন দখল ডেম’ক্ৰেটৰ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আহ্বান, সকীয়নি আৰু ব্যাপক নিৰ্বাচনী প্ৰচাৰেও...