টেষ্ট ক্ৰিকেটৰ পৰা অধিনায়কত্ব এৰিলে কোহলীয়ে, কে এল ৰাহুল হ’ব নেকি ভাৰতৰ নতুন অধিনায়ক?

বিৰাট কোহলীৰ অনুৰাগীসকলৰ বাবে এক দুখবৰ। ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদ এৰিলে কোহলীয়ে। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা টেষ্ট শৃংখলাত ২-১ ব্যৱধানত টীম ইণ্ডিয়াই পৰাজয়বৰণ কৰাৰ পিছত এই সিদ্ধান্ত লয় দূৰ্দান্ত বেটছমেনজনে।

কোহলীয়ে টুইটাৰযোগে পদত্যাগৰ কথা সদৰী কৰিছে। যোৱা ডিচেম্বৰত ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা কোহলীক অপসাৰণ কৰা হৈছিল আৰু বিগত বৰ্ষত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ পিছত ২০ অভাৰৰ ফৰ্মেটৰ পৰাও অধিনায়কত্ব এৰিছিল বিৰাট কোহলীয়ে।

টেষ্ট ক্ৰিকেটৰ অধিনায়ক হিচাপে কোহলীয়ে চমকপ্ৰদভাৱে ৬৮খন মেচৰ চল্লিছখনত জয় লাভ কৰিবলৈ সক্ষম হৈছিল। টেষ্ট ক্ৰিকেটত সৰ্বাধিক জয় থকা বিৰাট কোহলীয়ে হৈছে ভাৰতৰ একমাত্ৰ অধিনায়ক। সেইসময়চোৱাত টেষ্ট ক্ৰিকেটত কোহলীৰ জয়ৰ শতাংশ আছিল ৫৮.৮২।

কোহলীয়ে পদত্যাগ কৰাৰ পিছত কে এল ৰাহুলে ভাৰতীয় দলৰ নতুন টেষ্ট অধিনায়ক হিচাপে দায়িত্বভাৰ ল’ব বুলি ধাৰণা কৰিছে ক্ৰিকেট অনুৰাগীয়ে। আনহাতে বিচিচিআইয়ে কোহলীৰ পদত্যাগৰ সিদ্ধান্তক আদৰণি জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...