টেষ্ট ক্ৰিকেটৰ পৰা অধিনায়কত্ব এৰিলে কোহলীয়ে, কে এল ৰাহুল হ’ব নেকি ভাৰতৰ নতুন অধিনায়ক?

বিৰাট কোহলীৰ অনুৰাগীসকলৰ বাবে এক দুখবৰ। ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদ এৰিলে কোহলীয়ে। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা টেষ্ট শৃংখলাত ২-১ ব্যৱধানত টীম ইণ্ডিয়াই পৰাজয়বৰণ কৰাৰ পিছত এই সিদ্ধান্ত লয় দূৰ্দান্ত বেটছমেনজনে।

কোহলীয়ে টুইটাৰযোগে পদত্যাগৰ কথা সদৰী কৰিছে। যোৱা ডিচেম্বৰত ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা কোহলীক অপসাৰণ কৰা হৈছিল আৰু বিগত বৰ্ষত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ পিছত ২০ অভাৰৰ ফৰ্মেটৰ পৰাও অধিনায়কত্ব এৰিছিল বিৰাট কোহলীয়ে।

টেষ্ট ক্ৰিকেটৰ অধিনায়ক হিচাপে কোহলীয়ে চমকপ্ৰদভাৱে ৬৮খন মেচৰ চল্লিছখনত জয় লাভ কৰিবলৈ সক্ষম হৈছিল। টেষ্ট ক্ৰিকেটত সৰ্বাধিক জয় থকা বিৰাট কোহলীয়ে হৈছে ভাৰতৰ একমাত্ৰ অধিনায়ক। সেইসময়চোৱাত টেষ্ট ক্ৰিকেটত কোহলীৰ জয়ৰ শতাংশ আছিল ৫৮.৮২।

কোহলীয়ে পদত্যাগ কৰাৰ পিছত কে এল ৰাহুলে ভাৰতীয় দলৰ নতুন টেষ্ট অধিনায়ক হিচাপে দায়িত্বভাৰ ল’ব বুলি ধাৰণা কৰিছে ক্ৰিকেট অনুৰাগীয়ে। আনহাতে বিচিচিআইয়ে কোহলীৰ পদত্যাগৰ সিদ্ধান্তক আদৰণি জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...