অটো চালকৰ ঘৰত কিৰেন ৰিজিজুৱে তৃপ্তিৰে খালে অসমীয়া এসাঁজ

জখলাবন্ধা ঢেকীয়াল গাঁৱৰ অটো চালক ৰাজকুমাৰ হাজৰিকাৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। হাজৰিকাৰ ঘৰত ৰহৰ দালি, কচু, কলডিল, মাছ, মুৰ্গী মাংস, খাহী মঙহেৰে তৃপ্তিৰে এসাঁজ খালে কেন্দ্ৰীয় মন্ত্ৰীজনে। জখলাবন্ধাত অ’টো চলাই চাৰিজনীয়া পৰিয়াল পোহপাল দিয়া ৰাজকুমাৰ হাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমনত অভিভূত হৈ পৰে। মন্ত্ৰীগৰাকীয়েও ৰাজকুমাৰ হাজৰিকাৰ আতিথ্যত শলাগ লোৱাৰ লগতে থলুৱা আহাৰ গ্ৰহণ কৰি আনন্দিত হৈ পৰে।

২০১৪ চনৰ ২৯ নৱেম্বৰত আধাৰশিলা স্থাপন কৰা তেজপুৰৰ ভোমোৰাগুৰিৰ দ্বিতীয়খন দলং পৰিদৰ্শন কৰিবলৈ আজি উপস্থিত হয় কেন্দ্ৰীয় আইন আৰু ন‍্যায় দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজু। এই দলংখনৰ দৈৰ্ঘ্য ৩.০৪ কিলোমিটাৰ আৰু বাজেটৰ পৰিমান ৪১৩ কোটি। এই দলংখনে যাতায়াতৰ ক্ষেত্ৰত এক অভূতপূৰ্ব বৰঙনি আগবঢ়াব বুলি আশা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীজনে। দলং দৰ্শনৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দলীয় সতীৰ্থৰ সৈতে উপস্থিত হয়গৈ কলিয়াবৰৰ ভঁড়ালী গাঁৱত। গাঁওখনৰ ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰত উপস্থিত হৈ নামঘৰৰ ভকত-বৈষ্ণৱৰ আশীৰ্বাদ ল’লে কেন্দ্ৰীয় মন্ত্ৰীজনে। নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰথম বাৰৰ বাবে উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জনোৱা হয় উষ্ম আদৰণি। আগন্তুক ২০২৪ লোকসভা নিৰ্বাচনত কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টি উদ্ধাৰৰ দায়িত্ব দিয়া হৈছে কিৰেন ৰিজিজুক। কলিয়াবৰ লোকসভা সমষ্টি প্ৰধান মন্ত্ৰী আহিলেও দখল কৰিব নোৱাৰে বুলি কৰা বৰ্তমানৰ সাংসদগৰাকীৰ বক্তব‍্য সময়ত মিছা প্ৰমাণ কৰিব বুলি মন্তব্য কৰে কিৰেণ ৰিজিজুৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...