গুলীৰে থকাসৰকা হ’ল ‘গ্লেডিয়েটৰ’ নাংগাল আম্বিয়ান, কাবাডী খেলি থাকোঁতেই কোনে হত্যা কৰিলে?

আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ নাংগাল আম্বিয়ানক গুলীয়াই হত্যা। খেল চলি থাকোঁতেই নৃশংসভাবে গুলীয়াই হত্যা কৰিলে খেলুৱৈজনক। পঞ্জাৱৰ জলন্ধৰৰ মালিয়ানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। মৃত খেলুৱৈগৰাকীৰ ঘৰ পঞ্জাৱৰ আম্বিয়ান গাঁৱত। প্ৰায় ২০জাঁই গুলীৰে মূৰ আৰু বুকুত ধাৰাসাৰ গুলীবৰ্ষণ কৰে। গ্লেডিয়েটৰ ৰূপে খ্য়াতি অৰ্জন কৰিছিল খেলুৱৈগৰাকীয়ে।

প্ৰথমে ৰাজ্যিক পৰ্যায়ত কাবাডী খেলত ভাগ লৈছিল আৰু পঞ্জাৱত সফল খেলুৱৈৰূপে বিবেচিত হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পেচাদাৰী খেলুৱৈৰূপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছিল। কেৱল পঞ্জাৱতে নহয়, আমেৰিকা, ব্ৰিটেইন, কানাডাতো নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল সন্দীপে। ইতিমধ্যে খেলুৱৈগৰাকীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ফটো আৰু ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। একাংশৰ সন্দেহ, কাবাডী ফেডাৰেচন বা ক্লাবৰ সৈতে হোৱা বিবাদৰ পৰিণতিতে সন্দীপক হত্য়া কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...