সকলো শেষ, এতিয়া বেচিবলৈ আছেগৈ মাথোঁ কিডনীহে! পোহৰলৈ আহিছে নিৰ্মম ছবি।

গণতন্ত্ৰকামী চৰকাৰৰ পতনৰ পিছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আফগানিস্তানত। চৰম বিত্তীয় সংকটৰ মুখামুখি হৈছে সাধাৰণ জনগণ। শ শ লোকে হেৰুৱাইছে চাকৰি, হাজাৰ হাজাৰ লোকৰ কাম নোহোৱা হৈছে। কৰ্মবিমুখ আৰু পৰিয়াল পোহপাল দিয়া লোকসকলে এতিয়া চৰম অৰ্থসংকটত পৰিছে। শীতকাল নামি অহাৰ পিছতে পৰিস্থিতি আৰু ভয়ংকৰ হৈ পৰিছে। জীৱন-জীৱিকাৰ বাবে মানুহবোৰ উপায়হীন হৈ পৰিছে। পৰিণতিত কোনোবাই নিজৰ আবাসগৃহকে বেচি দিছে। কোনোবাই ঘৰৰ আচবাব, সা-সামগ্ৰী, গহণা আৰু মূল্যবান সকলো সামগ্ৰী বিক্ৰী কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি ইমান ভয়াৱহ হৈছে যে, মানুহে বেচি বেচি সকলো হেৰুওৱাৰ পিছত বিক্ৰীৰ বাবে আৰু একো বাকী নথকাত শৰীৰৰ অংগকে বেচিবলৈ উদ্যত হৈছে। যিকোনো বিনিময়ত পৰিয়াল পোহপাল দিয়াৰ বাবে আৰু নিজে জীয়াই থকাৰ তাড়নাত বৃক্ক বেচিবলৈ ৰাজী হৈছে একাংশ উপায়হীন লোক। যাৰ বাবে গছৰ ডালে ডালে, পাতে পাতে ওলমিছে বৃক্ক বেচাৰ অথবা কিডনী উপলব্ধ থকাৰ প্লেকাৰ্ড।

আমেৰিকাই নিজৰ সেনা প্ৰত্যাহাৰৰ পিছতে আফগানিস্তানত কেতিয়াও আশা নকৰা এক দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। সকলো আগশাৰীৰ প্ৰতিষ্ঠানে তালি-টোপোলা বান্ধি আফগানিস্তান এৰাৰ পিছত চাৰিওফালে মাথোঁ যুদ্ধৰ দামামা, অস্ত্ৰৰ ঝনঝননি। এনে প্ৰেক্ষাপটত সাধাৰণ লোকৰ বাবে বন্ধ হৈ পৰিছে সকলো পথ। এই নিৰপৰাধী, সাধাৰণ লোকসকলৰ বাবে জীয়াই থকাটো অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...