দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সপ্তম সংক্ষৰণ দেওবাৰৰ পৰা বিহাৰত অনুষ্ঠিত হ’ব৷ পোন প্ৰথমবাৰৰ বাবে বিহাৰে এই ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিছে৷ ৰাজ্যৰ পাঁচখন চহৰত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত কৰাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং নতুন দিল্লীত হ’ব৷ এইবাৰ প্ৰতিযোগিতাত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে৷ আনহাতে, ই-স্পৰ্টছ প্ৰদৰ্শনী ইভেণ্টৰূপে থাকিব৷

দেশৰ ৩৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ ল’ৰা-ছোৱালীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে৷ অহা ১৫ মে’লৈ অনুষ্ঠিত হ’ব লগা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত খেলুৱৈয়ে ২৪৫ টাকৈ সোণ আৰু ৰূপ তথা ৩০২ টা ব্ৰঞ্জ পদকৰ বাবে প্ৰতিন্দ্বিতাত নামিব৷ কাইলৈ আবেলি ৬.৩০ বজাত পাটনাত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব যদিও পুৱাৰে পৰাই তিনিটা ইভেণ্টৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল আৰম্ভ হ’ব৷

কাইলৈ ভাগলপুৰত আৰ্চাৰী, ৰাজগিৰত কাবাডী আৰু পাটনাত ভলীবল অনুষ্ঠিত হ’ব৷ অসমৰ খেলুৱৈয়ে আৰ্চাৰীত যোগ্যতা অৰ্জনত ব্যৰ্থ হয় যদিও ৰাজ্যৰ ছোৱালীৰ কাবাডী আৰু ভলীবল দলে কাইলৈ গ্ৰুপৰ মেচত অংশ ল’ব৷ ইতিমধ্যে ভলীবলৰ সূচী প্ৰকাশ পাইছে৷ পুল ‘বি’ত স্থান লাভ কৰা অসমৰ ছোৱালী দলে কাইলৈ বিয়লি পাঁচ বজাত ৰাজস্থানৰ বিৰুদ্ধে প্ৰথম মেচ খেলিব৷ অংশগ্ৰহণকাৰী আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ উভয় গ্ৰুপৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷ অসমৰ গ্ৰুপৰ আন দুটা দল হ’ল-গুজৰাট আৰু কেৰালা৷

ইফালে, কাবাডীৰ সূচী নিশা প্ৰকাশ পাব৷ উল্লেখ্য যে প্ৰতিযোগিতাত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে যদিও অসমে ১৭ বিধ খেলত প্ৰতিদণ্ডিতা কৰিব৷ অসমৰ দলটোৰ সদস্যৰ সংখ্যা হ’ল ১৩৫৷ ইয়াৰে ১০৫ গৰাকী এথলীট৷ ল’ৰা ৪২ আৰু ছোৱালী ৬৩ গৰাকী৷ ইতিমধ্যে ন বিধ খেলৰ খেলুৱৈ হৈ বিহাৰৰ বিভিন্ন ক্ৰীড়াস্থলীত উপস্থিত হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...