দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সপ্তম সংক্ষৰণ দেওবাৰৰ পৰা বিহাৰত অনুষ্ঠিত হ’ব৷ পোন প্ৰথমবাৰৰ বাবে বিহাৰে এই ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিছে৷ ৰাজ্যৰ পাঁচখন চহৰত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত কৰাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং নতুন দিল্লীত হ’ব৷ এইবাৰ প্ৰতিযোগিতাত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে৷ আনহাতে, ই-স্পৰ্টছ প্ৰদৰ্শনী ইভেণ্টৰূপে থাকিব৷

দেশৰ ৩৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ ল’ৰা-ছোৱালীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে৷ অহা ১৫ মে’লৈ অনুষ্ঠিত হ’ব লগা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত খেলুৱৈয়ে ২৪৫ টাকৈ সোণ আৰু ৰূপ তথা ৩০২ টা ব্ৰঞ্জ পদকৰ বাবে প্ৰতিন্দ্বিতাত নামিব৷ কাইলৈ আবেলি ৬.৩০ বজাত পাটনাত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব যদিও পুৱাৰে পৰাই তিনিটা ইভেণ্টৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল আৰম্ভ হ’ব৷

কাইলৈ ভাগলপুৰত আৰ্চাৰী, ৰাজগিৰত কাবাডী আৰু পাটনাত ভলীবল অনুষ্ঠিত হ’ব৷ অসমৰ খেলুৱৈয়ে আৰ্চাৰীত যোগ্যতা অৰ্জনত ব্যৰ্থ হয় যদিও ৰাজ্যৰ ছোৱালীৰ কাবাডী আৰু ভলীবল দলে কাইলৈ গ্ৰুপৰ মেচত অংশ ল’ব৷ ইতিমধ্যে ভলীবলৰ সূচী প্ৰকাশ পাইছে৷ পুল ‘বি’ত স্থান লাভ কৰা অসমৰ ছোৱালী দলে কাইলৈ বিয়লি পাঁচ বজাত ৰাজস্থানৰ বিৰুদ্ধে প্ৰথম মেচ খেলিব৷ অংশগ্ৰহণকাৰী আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ উভয় গ্ৰুপৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷ অসমৰ গ্ৰুপৰ আন দুটা দল হ’ল-গুজৰাট আৰু কেৰালা৷

ইফালে, কাবাডীৰ সূচী নিশা প্ৰকাশ পাব৷ উল্লেখ্য যে প্ৰতিযোগিতাত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে যদিও অসমে ১৭ বিধ খেলত প্ৰতিদণ্ডিতা কৰিব৷ অসমৰ দলটোৰ সদস্যৰ সংখ্যা হ’ল ১৩৫৷ ইয়াৰে ১০৫ গৰাকী এথলীট৷ ল’ৰা ৪২ আৰু ছোৱালী ৬৩ গৰাকী৷ ইতিমধ্যে ন বিধ খেলৰ খেলুৱৈ হৈ বিহাৰৰ বিভিন্ন ক্ৰীড়াস্থলীত উপস্থিত হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...