আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত

  • ‘আপোন ঘৰ’ৰ বাবে ১৩০ কোটি ৬৪ লাখ টকা পুনৰ মুকলি
  • এতিয়ালৈ ৩১ হাজাৰ ৯৯৬জন চৰকাৰী চাকৰিয়াললৈ এই আঁচনিৰ অধীনত ঋণ
  • অংগনৱাড়ী কৰ্মী-সহায়িকাই ৬০ বছৰ বয়সত অৱসৰ ল’ব লাগিব
  • মিনি অংগনৱাড়ী কৰ্মীৰ বাবেও অৱসৰৰ বয়স ৬০ বছৰ নিৰ্ধাৰণ
  • অংগনৱাড়ী কৰ্মীয়ে অৱসৰৰ সময়ত ৪ লাখকৈ,সহায়িকাই ৩লাখকৈ টকা পাব
  • মিনি অংগনৱাড়ী কৰ্মীয়ে অৱসৰৰ সময়ত ২ লাখকৈ টকা পাব
  • অইল কোম্পানীসমূহক একেলগ কৰি এটা কোম্পানী গঠন কৰা হ’ব
  • অইল কোম্পানীবোৰৰ সকলো বিনিয়োগ এটা একাউণ্টত আনিবলৈ এই পদক্ষেপ
  • GeM PORTALৰ জৰিয়তে সকলো সামগ্ৰী ক্ৰয় কৰিব পাৰিব
  • থলুৱা উদ্যোগেও GeM PORTALত পঞ্জীয়ন কৰিব লাগিব
  • গুৱাহাটীত নিৰ্মাণ কৰা হ’ব আন এটা ৰ’পৱে’
  • বেংক গেৰাণ্টী, কনট্ৰেক্টৰ সকলো লেনদেন ডিজিটেলী হ’ব
  • NRLৰ ২৬% শ্বেয়াৰৰ বাবে ৪১৬ কোটি টকা মুকলি
  • ইয়াৰ লগে লগে সম্পূৰ্ণ হ’ল NRLৰ শ্বেয়াৰ ক্ৰয় প্ৰক্ৰিয়া
  • ২% খালী পদ অৱসৰপ্ৰাপ্ত সৈনিকৰ জৰিয়তে পূৰণ কৰা হ’ব
  • মহিলা আয়োগক সক্ৰিয় কৰাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ
  • আয়োগৰ অধ্যক্ষক মাহে ৫০ হাজাৰ টকাকৈ পাৰিতোষিক দিয়াৰ সিদ্ধান্ত
  • উপাধ্যক্ষক মাহে ৪০হাজাৰ টকা,সদস্যসকলক ৩৫হাজাৰ টকাকৈ দিয়া হ’ব
  • নতুন গাড়ীসহ যাৱতীয় সকলো সা-সুবিধা প্ৰদানৰো সিদ্ধান্ত
  • নাৰীজনিত সমস্যাসমূহ সমাধানৰ বাবে এই পদক্ষেপ গ্ৰহণ
  • আয়োগৰ কৰ্মকৰ্তাই ফিল্ডলৈ গৈ কাম কৰিব পৰাকৈ এই ব্যৱস্থা
  • ভৱেশ কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাক কেবিনেট ৰেংক প্ৰদান
  • প্ৰশান্ত ফুকন, বিদ্যাছিং ইংলেং, ৰমাকান্ত দেউৰীক কেবিনেট মৰ্যাদা
  • বলিন চেতিয়াকো কেবিনেট মৰ্যাদা প্ৰদান
  • AEGCLৰ ৬.৪২ কোটি টকাৰ ঋণ ইকুইটীলৈ পৰিৱৰ্তন
  • APDCLৰো ৪৫৫ কোটি টকাৰ ঋণ ইকুইটীলৈ পৰিৱৰ্তন
  • বিদ্যুৎ বিভাগৰ আটাইকেইটা কোম্পানী এতিয়া লাভ অৰ্জনকাৰী হ’ব
  • ১৯৬টা গাৰো-চাকমা পৰিয়ালক আঢ়ৈ কঠাকৈ ভূমি দিয়াৰ সিদ্ধান্ত
  • লংকাত অবৈধ দখল উচ্ছেদ কৰি মোকলোৱা মাটি পাব এই পৰিয়ালসমূহে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...