নগাঁৱত স্থাস্থ্য মন্ত্ৰীয়ে দিলে দুটা ভাল খবৰ

মধ্য অসমবাসীৰ বাবে এটা ভাল খৱৰ৷ নগাঁৱত স্থাপন কৰা হ’ব কেঞ্চাৰ হাস্পতাল৷ এপ্ৰিল মাহৰ পৰা নগাঁও অসামৰিক চিকিৎসালয়খন কেঞ্চাৰ হস্পিতাল ৰূপে উন্নীতকৰণৰ কাম আৰম্ভ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ যাৰ জৰিয়তে যথেষ্ট লাভাম্বিত হ’ব মধ্য অসমৰ ৰাইজ৷ শনিবাৰে নগাঁৱত এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ উল্লেখ্যে যে, শনিবাৰে নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এটা অত্যাধুনিক ICU কক্ষ মুকলি কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ এই অত্যাধুনিক ICU কক্ষটোত ২২ খন ICU বিচনা থকাৰ লগতে ৩০খন অক্সিজেনযুক্ত বিচনা আছে৷ ICU উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ম’হখুলিত নিৰ্মাণ হৈ থকা নগাঁও মেডিকেল কলেজৰ কামো শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব আৰু তাত পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি ঘোষণা কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...