NK IMPACT | টংলাত উচ্ছেদিত বগলীকেইটাৰ নতুন ঠিকনা হ’ব কাজিৰঙা

গুৱাহাটী, ২৫ জুন, NKTV: জীৱশ্ৰেষ্ঠৰ চৰম স্বাৰ্থপৰতাৰ বলি হোৱা টংলাৰ দূৰ্ভগীয়া বগলী কেইটাৰ নতুন ঠিকনা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। NK TVৰ ধাৰাবাহিক বাতৰিৰ পিছতে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ’ল টংলাৰ আশ্ৰয়হীন বগলীৰ বিষয়টো। ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হ’ল Wildlife Trust of India (WTI)ৰ এটা প্ৰতিনিধি দল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে কাজিৰঙাত সংস্থাপন কৰা হ’ব আশ্ৰয়হীন শতাধিক বগলী পোৱালীক। উল্লেখ্য যে, কৰ’না মহামাৰী বিয়পাৰ আশংকাত বগলীৰ বাহ থকা বহু বাঁহ গছ কাটি বগৰালে টংলা পৌৰসভাই। বগলীৰ বিষ্ঠাই চৌপাশে দূৰ্গন্ধৰ সৃষ্টি কৰাৰ অভিযোগ তুলি বাঁহ গছত আশ্ৰয় লোৱা শ শ বগলীক আশ্ৰয়হীন কৰিলে টংলা পৌৰসভাই। পৌৰসভাৰ এই অবিবেচক কাণ্ডৰ বাবে বাহত থকা শতাধিক কণ কণ পোৱালিৰ থিতাতে মৃত্যু হৈছিল। এদিনীয়া-দুদিনীয়া চৰাইৰ পোৱালিৰে ভৰি আছিল বাহবোৰ।

এক নিৰ্দেশনাযোগে টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়াই পৌৰ সভাখনৰ অন্তৰ্গত ৫জন ব্যক্তিৰ বাৰীত থকা বাঁহ গছ সমূহ কাটি পেলাবলৈ জাননী জাৰি কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...