ঋণগ্ৰস্ত চুবুৰীয়া দেশৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ কেটৰিনা কাইফ

ভাৰতীয় চেলিব্ৰেটীসকলৰ অন্যতম প্ৰিয় ভ্ৰমণস্থলী হৈছে মালদ্বীপ। মালদ্বীপৰ ৰাষ্ট্ৰপতি মোহাম্মদ মুইজ্জু চীনৰ সৈতে ‘ঘনিষ্ঠ’ বুলি পৰিচিত। তেওঁ ক্ষমতালৈ অহাৰ পৰা ভাৰতৰ উদ্বেগ বাঢ়িছে, আনহাতে মালদ্বীপৰ চীনৰ সৈতে ঘনিষ্ঠতাও বৃদ্ধি পাইছে। মাজতে ভাৰত আৰু এই দ্বীপৰাষ্ট্ৰৰ সম্পৰ্ক কিছু অস্থিৰ হৈ পৰিছিল। বিগত বৰ্ষত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লাক্ষাদ্বীপলৈ গৈছিল। সেই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মালদ্বীপৰ দুজন মন্ত্ৰীয়ে সামাজিক মাধ্যমত মোদীৰ প্ৰতি অপমানজনক মন্তব্য কৰিছিল বুলি অভিযোগ উঠিছিল। পিছত বিতৰ্কৰ পিছত সেই পোষ্টসমূহ আঁতৰোৱা হৈছিল আৰু মালদ্বীপ চৰকাৰে সেই মন্ত্ৰীদ্বয়ক নিলম্বন কৰিছিল। কেইমাহমানৰ বাবে দুয়োখন দেশৰ মাজত পৰ্যটন বন্ধ হৈ আছিল। এতিয়া মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে পুনৰ ভাৰতৰ সৈতে সম্পৰ্ক জোৰদাৰ কৰিবলৈ উদ্যোগ লৈছে। বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ তেওঁলোকে অভিনেত্ৰী কেটৰিনা কাইফক নিজৰ দেশৰ পৰ্যটনৰ প্ৰচাৰ দূত হিচাপে নিযুক্ত কৰিছে।

বিয়াৰ পিছৰে পৰা কেটৰিনাই মালদ্বীপতেই সৰ্বাধিকবাৰ ছুটী কটাবলৈ গৈছে। নিজৰ জন্মদিন হওক বা স্বামী ভিকীৰ জন্মদিন বা বন্ধু-বান্ধৱীৰ সৈতে ছুটী কটাবলৈ মালদ্বীপেই তেওঁৰ প্ৰিয় গন্তব্য স্থান। বিগত বছৰ অক্টোবৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি ভাৰতলৈ আহিছিল। তেওঁ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বি-পাক্ষিক বৈঠক কৰিছিল। সেই সময়ত তেওঁ মোদীক পুনৰ মালদ্বীপ ভ্ৰমণৰ আমন্ত্ৰণ জনাইছিল। আগন্তুক জুলাইত মোদী মালদ্বীপলৈ যাব। তাৰ আগতেই কেটৰিনাক পৰ্যটনৰ প্ৰচাৰ দূত হিচাপে নিযুক্ত কৰাৰ পিছত ৰাজনৈতিক মহলে ইয়াৰ বিশেষ তাৎপৰ্য লক্ষ্য কৰিছে। কাৰণ, মালদ্বীপ কেটৰিনাৰ প্ৰিয় ভ্ৰমণস্থলী। মালদ্বীপৰ জাতীয় আয়ৰ এটা বৃহৎ অংশ পৰ্যটনৰ পৰা আহে। বিগত বছৰ মোদীৰ নামত মালদ্বীপৰ দুজন মন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছত ভাৰতীয় চেলিব্ৰেটীসকল ক্ষুব্ধ হৈছিল। তাৰ ফলত মালদ্বীপৰ পৰ্যটনত ঋণাত্মক প্ৰভাৱ পৰাৰ আশংকাৰ পৰিপ্ৰেক্ষিতত কেটৰিনাক এই ভূমিকাৰ বাবে বাছি লোৱা হৈছে বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...