পুনৰ উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন কাশ্মীৰী পণ্ডিত

বিবেক অগ্নিহোত্রীৰ দ্বাৰা পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ ছবিক লৈ যি সময়ত সৰ্বত্ৰে চৰ্চা চলিছে সেই সময়ত পুনৰ উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন হৈছে কাশ্মীৰী পণ্ডিত ।

Kashmiri Pandit community in US condemns targeted killings of civilians in  Valley- The New Indian Express


জানিব পৰা মতে,দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত উগ্ৰপন্থীয়ে কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলী চালনা কৰিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজনক সনুকুমাৰ বালজী বুলি চিনাক্ত কৰা হৈছে। তেওঁক লগে লগে শ্ৰীনগৰৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। যোৱা ২৪ ঘণ্টাত, কাশ্মীৰত সাতজন উগ্ৰপন্থীৰ ধ্বংসাত্মক পৰিস্থিতিৰ বলি হৈছে। তেওঁলোকৰ চাৰিজন আন ৰাজ্যৰ শ্ৰমিক আৰু দুজন চিআৰপিএফ জোৱান।

Panun kashmir | Latest News on Panun-kashmir | Breaking Stories and Opinion  Articles - Firstpost


উগ্ৰপন্থীয়ে সোমবাৰে আবেলি পুলৱামাত দুজন শ্ৰমিকক আক্ৰমণ কৰে। আহতসকলক পাটলেশ্বৰ কুমাৰ আৰু জাকো চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। দুয়োজন বিহাৰৰ বাসিন্দা। তাৰ পিছত পুলৱামাৰ নওপোৰা অঞ্চলত পঞ্জাৱৰ দুজন শ্ৰমিকক গুলীয়াই হত্যা কৰা হয়। শ্ৰীনগৰত দুজন চিআৰপিএফ জোৱানকো আক্ৰমণ কৰে উগ্ৰপন্থীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...