মোহময়ী কৰিশ্মা তান্নাৰ বিয়া, দৰা কোন জানেনে?

অভিনেত্ৰী কৰিশ্মা তান্নাই আৰম্ভ কৰিলে জীৱনৰ দ্বিতীয় ইনিংছ। ৫ ফেব্ৰুৱাৰীত বিবাহৰ মূল অনুষ্ঠান।

৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে বিবাহৰ অনুষ্ঠান। গোৱাত প্ৰেমিক বৰুণ বাংগেৰাৰ সৈতে নতুন জীৱনৰ পাতনি মেলে অভিনেত্ৰীগৰাকীয়ে।

হালধি অনুষ্ঠানৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কোভিড প্ৰটোকলৰ বাবে বিশাল আয়োজনৰ পৰিৱৰ্তে বিয়াত বিশেষ বন্ধু-আত্মীয়কহে আমন্ত্ৰণ জনাইছে।

কৰিশ্মা তান্নাৰ স্বামী বৰুণ বাংগেৰা মুম্বাইৰ এজন ব্যৱসায়ী। ভিবি ক্ৰপ নামৰ এটা কোম্পানীৰ সঞ্চালক বৰুণ বাংগেৰা। বৰুণে কানাডাৰ অটাৱা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

বৰুণ কৰিশ্মাৰ প্ৰথম সাক্ষাৎ দুয়োজনৰ উমৈহতীয়া বন্ধুৰ জৰিয়তে হৈছিল। তাৰ পিছত দুয়োজনে ইজনে সিজনক ডেট কৰিবলৈ আৰম্ভ কৰে।

প্ৰায় ডেৰ বছৰ ডেটিং কৰাৰ পিছত যোৱা বছৰ ডুবাইত এক ব্যক্তিগত অনুষ্ঠানত বাগদান সম্পন্ন হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...