নতুন SOP নাহে, ৰাজ্যত শিথিল হ’ব ক’ভিড বিধি

অসমত নতুন SOP বলৱতৰ কথা নুই কৰিছে। দুই-এদিনতে নতুন SOP প্ৰকাশ নাপায়। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ আশ্বাসবাণী। ক’ভিড যিহেতু কমিছে সেইবাবে SOPও শিথিল হৈ গৈ থাকিব। আজি সৰুপথাৰত উপস্থিত হৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই ১০০খন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷ উক্ত অনুষ্ঠানত সহযোগিতা কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। লগতে গোলাঘাট জিলাৰ যুটীয়া সঞ্চালকৰ লগতে বহু কেইজন দলীয় কৰ্মী উপস্থিত থাকে। প্ৰায় ১২ কোটি টকাতকৈও অধিক টকা ব্যয় কৰি ডেৰ বছৰৰ ভিতৰত মহকুমা অসামৰিক চিকিৎসালয়খন সম্পূৰ্ণ হোৱাৰ আশা কৰিছে মন্ত্ৰী কেশৱ মহন্তই। উক্ত মহকুমা অসামৰিক চিকিৎসালয়খনত সকলো বিভাগৰে চিকিৎসক থাকিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...