প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কাপুৰ পৰিয়ালৰ

বলীউডত জনপ্ৰিয়তাৰ শীৰ্ষত কাপুৰ পৰিয়াল। বলীউদৰ কিংবদন্তি অভিনেতা, চলচ্চিত্ৰ-নিৰ্মাতা ৰাজ কাপুৰ। ১৪ ডিচেম্বৰত ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্মদিন। ৰাজ কাপুৰৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কাপুৰ পৰিয়ালৰ। ১৩ৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ‘ৰাজ কাপুৰ ফিল্ম ফেষ্টিভেল’।

মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ ৪০খন চহৰত প্ৰদৰ্শিত হ’ব ৰাজকাপুৰ অভিনীত চিনেমা ১৩৫টা ছবিগৃহত প্ৰদৰ্শিত হ’ব প্ৰয়াত অভিনেতাজনৰ ১০ খন জনপ্ৰিয় ছবি । ইনষ্টাগ্ৰামযোগে এই কথা জনাইছে অভিনেত্ৰী কৰীণা কাপুৰে।

এই চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোদীক সাদৰে আমন্ত্ৰণ জনাইছে কাপুৰ পৰিয়ালে। প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাবলৈ নতুন দিল্লীত উপস্থিত হয় কাপুৰ পৰিয়াল। কাপুৰ পৰিয়ালৰ সকলোৱে মূলত তাৰকা। হাতত নিমন্ত্ৰণী পত্ৰ লৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ৰণবীৰ কাপুৰ, আলিয়া ভাট, কৰীনা কাপুৰ খান, ছৈইফ আলী খান, কৰিশ্মা কাপুৰ, নীতু কাপুৰ, ৰিদ্ধিমা কাপুৰ সাহনী, ভাৰত সাহনী, ৰীমা জৈন, মনোজ জৈন, আদৰ জৈন, আৰমান জৈন আৰু অনিছা মালহোত্ৰাই।

কাপুৰ পৰিয়ালৰ সৈতে আন্তৰিকতাৰে কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। হাঁহি-আনন্দৰে একাত্ম হ’ল কাপুৰ পৰিয়ালৰ ব্যক্তিসকলৰ সৈতে ৰাজ কাপুৰ সম্পৰ্কে একাধিক কথা ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰীজনে। ৰাজকাপুৰক জনমানসত জীয়াই ৰাখিবলৈ কেনেধৰণৰ কাম কৰিব পাৰি সেই আলোচনাও কৰিলে কাপুৰ পৰিয়ালৰ সৈতে। মহোৎসৱত প্ৰধানমন্ত্ৰীৰ উপস্থিতি একান্তই কামনা কৰিছে পৰিয়ালটোৱে। সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ সৈতে উঠা কেইবাখনো ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে পৰিয়ালটোৰ কেইবাজনো সদস্যই।

প্ৰধানমন্ত্ৰীৰ সৈতে সুকীয়াকৈ প’জ দিছে কৰীনা কাপুৰ, ছেইফ আলী খানে। ৰাজ কাপুৰৰ জীৱন সংপৃক্ত, স্মৃতিবিজড়িত এখনি স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়ে ৰণবীৰ কাপুৰ আৰু আৰমান জৈনে। নীতু কাপুৰ, কৰিশ্মা কাপুৰকে আদি কৰি কাপুৰ পৰিয়ালৰ কেইবাজনো সদস্যই সামজিক মাধ্যমত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা ফটো। কাপুৰ পৰিয়ালৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰীজনৰ এই সাক্ষাতে দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...