আলোচনাৰ বিষয়: এটা চৰ! কংগনাৰ গালত পৰিল এটা পূৰ্ণহতীয়া চৰ

আলোচনাৰ বিষয় : এটা চৰ!
এটা পূৰ্ণহতীয়া চৰ!
ঘটনাৰ পিছতে যেন দেশজুৰি বিয়পিছে চৰটোৰ শব্দ

কোনোৱে সংবাদমেল দিছে, কোনোৱে কটাক্ষ কৰিছে, কাৰোবাৰ মন-মগজুত লুকাই আছে দীঘলীয়া ক্ষোভ, কোনোবাই দিছে বিৱৰণ।

কংগনা ৰাণাৱট : চৰ্চিত, কেৰিয়াৰ বিস্তৃত
কথা-কাণ্ড কৰি, কৈ ভাল পোৱা এগৰাকী অভিনেত্ৰী
অভিনেত্ৰীৰ পৰা এইবাৰ তেওঁ সাংসদ

কিন্তু সাংসদ হোৱাৰ আনন্দ কৰি শেষ নহওঁতেই ঘটিল অনাকাংক্ষিত অঘটনটো। চণ্ডীগড়ৰ পৰা দিল্লীলৈ বুলি ৰাওনা হবলৈ এয়াৰপৰ্টলৈ গৈছিল নৱ নিৰ্বাচিত সাংসদগৰাকী। বিমান বন্দৰত তালাচীৰ সময়তে, কংগনাৰ গালত পৰিল এটা পূৰ্ণহতীয়া চৰ। এগৰাকী CISFৰ মহিলা কনিষ্টবলে চৰ সোধালে কংগনাক। চৰটোৰ বহু পিছলৈকে খঙাল হৈ থাকিল কনিষ্টবল কুলবিন্দৰ কৌৰ।

এতিয়া কংগনাৰ মন্তব্য আপোনালোকে শুনিছে। তেওঁ কৈছে পঞ্জাৱত উগ্ৰবাদ বাঢ়িছে। বাঢ়িছে বিচ্ছিন্নতাবাদ। যাৰ পৰিণতিতেই কৃষক আন্দোলনৰ বিষয়টোৰ বাবে মহিলা কনিষ্টবলগৰাকীয়ে এই ঘটনা সংঘটিত কৰিছে। কিন্তু বহু প্ৰত্যক্ষদৰ্শী আৰু ঘটনাৰ প্ৰকৃত কাৰণ জনাসকলে কৈছে আন কিছু কথা। অভিযোগৰ দৰে কিছু খবৰ আহিছে

ছিকিউৰিটী চেকৰ সময়ত সহযোগ কৰা নাছিল ‘সাংসদ কংগনাই’
‘মাননীয় সাংসদৰ’ তালাচী লোৱাটোও আছিল এক প্ৰট’কল
‘এশ টকাকৈ লৈ কৃষক আন্দোলনত বহিছিল’ : কংগনা
‘সেই আন্দোলনতেই মোৰ মাতৃও আছিল’ : কনিষ্টবল কুলৱিন্দৰ কৌৰ

তাৰ পিছতেই সেই পূৰ্ণহতীয়া চৰটো। কনিষ্টবল কুলবিন্দৰ কৌৰৰ বাবে আছিল মাতৃভূমি ভাৰতো মাতৃ, আৰু কৃষক আন্দোলন বহা জন্মদাত্ৰী মহিলাগৰাকীয়ো মাতৃ। যাক এশ টকাৰ বিনিময়ত আন্দোলন কৰা বুলি কোৱা বাবে এগৰাকী সন্তান হিচাপে বাৰুকৈয়ে ক্ষোভিত হৈছিল CISFৰ কনিষ্টবলগৰাকী। সেই কথাকেই ব্যক্ত কৰিছে পঞ্জাৱৰ বৰ্ষীয়ান কৃষক নেতাসকলে। শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটেও কৈছে একেই কথা।

‘কোনোৱে ভোট পায়, কোনোৱে পায় থাপ্পৰ’
‘জননী জন্মভূমি আৰু জন্মদায়িনী মাতৃ, দুয়োৰে দায়িত্ব হয়তো পালন কৰিছিল কুলবিন্দৰে’

পঞ্জাৱক উগ্ৰবাদ আৰু বিচ্ছিন্নতাবাদৰ ৰম্যভূমি বুলি কোৱা বাবেও কংগনাক ভাল পোৱা নাই কৃষকে। এতিয়া কথা হল কংগনাই আগে পিছেও কিবাকিবি কৰিছে, কৈছে। কংগনাৰ পাতল কথাত বহুতেই হাঁহিছে, ঘৃণা, বিদ্বেষৰ কথাবোৰৰ বহুতেই প্ৰতিবাদ কৰিছে। এইবাৰ কংগনা সাংসদ। তেওঁ ইচ্ছা কৰিলে এতিয়া আৰু বহু কথাই কৈ পেলাব পাৰে। কিন্তু মানুহৰ মনত থকা ক্ষোভৰ পৰিমাণ কিমান হব পাৰে সেই কথা যেন সোঁৱৰাই দিলে চণ্ডীগড় বিমান বন্দৰৰ এই ঘটনাই। AMB। এগৰাকী সাংসদক পূৰ্ণহতীয়া চৰ সোধোৱা বাবে কনিষ্টবলগৰাকী কুলবিন্দৰ কৌৰক ইতিমধ্যে নিলম্বন কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ হাতৰ পৰা অৱশ্যে তেওঁক মুক্তি দিয়া হৈছে। কিন্তু এই সকলোবোৰৰ শেষত এটা কথা অন্তত সঁচা যে- ক্ষোভ, খং আৰু দায়িত্ব সম্পাদনৰ অজুহাতত কুলবিন্দৰৰ পূৰ্ণহতীয়া চৰটো দেশজুৰি গুঞ্জৰিছে।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...