কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ ভৱিষ্যদ্বাণী। কেন্দ্ৰত, ৰাজ্যত হ’ব বেলেগ বেলেগ চৰকাৰ

গুৱাহাটী প্ৰেছ ক্লাৱত কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা মুকলি কৰা হয়। পূৰ্বৰ দৰে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাত অসম তথা বিশ্বৰ আগন্তুক দিনত হ’ব পৰা সম্ভাৱনাৰ কথা প্ৰকাশ কৰে। সেই অনুসৰি-
১) অসমত পথ দুৰ্ঘটনা বৃদ্ধি পাব।
২) ৰাজ্যত সুস্থিৰ পৰিবেশ আহিব। বিদ্ৰোহী সংগঠন আলোচনাৰ মজিয়ালৈ আহিব।
৩) শান্তি আলোচনালৈ সমৰ্থন আগবঢ়াব পাৰে বিদ্ৰোহী সংগঠনসমূহে।
৪) ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষতাৰে নিজৰ কাৰ্যকাল সম্পন্ন কৰিব পাৰিব। বিৰোধী দল নিষ্ক্ৰিয় হ’ব। বিৰোধীয়ে মাত মাতিব খুজিলেও চৰকাৰে উচিত প্ৰত্যুত্তৰ দিব।
৫) ভূপেন বৰা যেনেকৈ আছে, তেনেকৈ থাকিব, ৰাজনীতিত বিৰোধী নিস্ক্ৰিয়।
৬) ৰাজনৈতিক প্ৰেক্ষাপটত ভাল দিন আহিব। সীমা বিবাদ থাকিব।
৭) অহাবাৰৰ পৰা চৰকাৰ সুস্থিৰ নহয়। কেন্দ্ৰত,ৰাজ্যত বেলেগ বেলেগ চৰকাৰ হ’ব।
৮) চৰকাৰে আমদানি, ৰপ্তানিৰ জৰিয়তে আৰ্থিক দিশ উন্নত কৰিব পাৰিব।
৯) মহিলাৰ কাৰণে বিভিন্ন আঁচনি প্ৰবৰ্তনৰ চেষ্টা কৰিব চৰকাৰ খনে। দেশৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰৱৰ্তন থাকিব।
১০) অপৰাধ নিয়ন্ত্ৰণত চৰকাৰ সফল হ’ব। চৰকাৰ আগতকৈ সক্ৰিয় হ’ব।
১১) ২০২২ বৰ্ষৰ ১০ জুলাইৰ পাছত অসমবাসীলৈ ভাল খবৰ আহিব।
১২) ক’ভিড চলিয়েই থাকিব। কেৱল নাম সলনি হ’ব।
১৩) বিভিন্ন দেশত ক’ভিড ভয়াবহ হ’ব। কিন্তু অসমত ভয়ংকৰ নহয়।
১৪) প্ৰাকৃতিক দুৰ্যোগ হ’ব। ভূমিকম্প হ’ব।
১৫) মঙলৰ প্ৰভাৱত বিশ্বত অশান্তিৰ সৃষ্টি হ’ব। ঠায়ে ঠায়ে হত্যা,লুণ্ঠন হ’ব।
১৬) অবিবাহিত সকলৰ বাবে ভাল খবৰ। যিসকলৰ বিয়া হোৱা নাই, বিয়া হওঁ হওঁ, তেওঁলোকৰ শুক্ৰৰ প্ৰভাৱত অহাবছৰ বিয়া হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...