সকলোৱে সন্দেহ কৰাৰ দৰে নহয়, জোনমণি ৰাভাক হত্যা কৰা হোৱা নাছিল…

SI জোনমণি ৰাভাক কোনেও হত্যা কৰা নাছিল। জোনমণি ৰাভাই আত্মহত্যাও কৰা নাছিল। দুৰ্ঘটনাতেই মৃত্যু হৈছিল জোনমণিৰ। ঘটনাৰ তদন্ত কৰি চূড়ান্ত প্ৰতিবেদনত এই কথা উল্লেখ কৰিলে CBI-এ। লগতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে অসম চৰকাৰক আহ্বান জনালে, নকল নোট-সোণৰ বেহাত নামৰ সাঙুৰ খোৱা ১৫জন আৰক্ষীৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে ব্যৱস্থা। এই প্ৰতিবেদনৰ পাছতেই ৰাজ্যবাসীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া।

সকলোৱে সন্দেহ কৰাৰ দৰে নহয়, জোনমণি ৰাভাক হত্যা কৰা হোৱা নাছিল
হত্যাকাণ্ড কিয় নহয়? CBIৰ প্ৰতিবেদনত ১৫টা যুক্তি
বহুতেই ভৱাৰ দৰেও নহয়, জোনমণিয়ে আত্মহত্যা কৰা নাছিল
আত্মহত্যা কিয় নহয়? CBIৰ প্ৰতিবেদনত ১১টা যুক্তি
দুৰ্ঘটনাতেই মৃত্যু জোনমণিৰ, লীনা দ’লে, ৰূপজ্যোতি কলিতাৰ কি হ’ব?

২০২৩ৰ ১৬মে’ত উদ্ৰেক ঘটা প্ৰশ্নবোৰ ২০২৪ৰ ৭ ফেব্ৰুৱাৰীৰ পৰা গুৰুত্বহীন হৈ পৰিল। কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হল। মানসিক চাপত ভূগি আছিল ধৰণৰ কথাবোৰৰো এতিয়া কোনো ভিত্তি নাই। এগৰাকী দক্ষ, সাহসী আৰক্ষী বিষয়াৰ সেই আকস্মিক মৃত্যুক কোনেও সহজভাৱে লব পৰা নাছিল। জোনমণিৰ দুৰ্ঘটনাটোৰ পাছত সলনি হোৱা দৃশ্যপটে চকু থৰ কৰিছিল ৰাজ্যবাসীৰ। জোনমণিৰ মাতৃয়েও কান্দি কান্দি এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি কৈছিল। নিশা জোনমণি ওলাই য়োৱা, তাৰ পূৰ্বে বাসগৃহত অভিযান চলোৱা, টকা উদ্ধাৰ হোৱা, ভাইৰেল হোৱা কল ৰেকৰ্ডিংহে অধিক ৰহস্যঘন হৈ পৰিছিল ঘটনাটো। একপ্ৰকাৰ জনমত গঠন হৈছিল তেতিয়া। আৰু সেই হেঁচাৰ বাবেই জোনমণিক মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল CBIক। ৭ মাহৰ অন্তত তদন্ত সামৰিলে CBI-এ।
জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাতেই হৈছিল…
ৰহস্যজনক দুৰ্ঘটনাত নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত এই বাক্যৰেই ওৰ পৰিল। প্ৰায় ৭ মাহজোৰা অনুসন্ধানৰ অন্তত আদালতত ঘটনা সম্পৰ্কত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিলে লাভলী কাটিয়াৰৰ নেতৃত্বত অহা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকলৈ চি বি আইৰ দলটোৱে। ৫৯ পৃষ্ঠাৰ প্ৰতিবেদনত ১৫টা যুক্তি দৰ্শাই CBI-এ স্পষ্ট কৰিলে-
জোনমণিক হত্যা কৰা হোৱা নাছিল
১১টা যুক্তি দৰ্শাই CBI-এ ক’লে
জোনমণিয়ে আত্মহত্যা কৰা নাছিল

লগেলগে নালিয়া, পংকজ দাস, ট্ৰাক চালক সুমিত আদিৰ নামবোৰ মনলৈ আহিছে ৰাজ্যবাসীৰ। স্বাভাৱিকতেই মনলৈ আহিছে সেইসকল আৰক্ষী বিষয়াৰ কথাও যাৰ নাম উল্লেখ কৰা হৈছিল জোনমণিৰ মৃত্যুৰ পাছত মাতৃয়ে দাখিল কৰা এজাহাৰত। যিসকল আৰক্ষী বিষয়াৰ নাম আছিল নকল সোণ-নোটৰ বেহা সম্পৰ্কে ৰুজু হোৱা গোচৰত। আমোদজনকভাবে CBIৰ চূড়ান্ত প্ৰতিবেদনতো আছে সেইসকলৰ আৰক্ষী বিষয়াৰ কথা। প্ৰতিবেদনত CBI-এ আহ্বান জনাইছে। নকল সোণ-নোটৰ সৰবৰাহত নাম সাঙুৰ খোৱা আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিব লাগে ব্যৱস্থা। ইয়াৰ ভিতৰত আছে –
SP লীনা দ’লে, মাধৱ ৰাজখোৱা, ASP ৰূপজ্যোতি কলিতা
আছে আন কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ নাম

CBIৰ এই আহ্বানৰ পাছতেই কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোলৈ অসম আৰক্ষীৰ পত্ৰ। CBIৰ পৰা ফাইনেল ৰিপোৰ্টৰ প্ৰতিলিপি বিচাৰিছে অসম আৰক্ষীয়ে।
প্ৰথমে বিশ্লেষণ, তাৰ পাছতহে পৰৱৰ্তী পদক্ষেপ…
মুঠৰ ওপৰত জোনমণিৰ মৃত্যুক লৈ সৃষ্টি হোৱা প্ৰশ্ন আৰু হৈ চৈৰ ইমানতেই অন্ত পৰিল। জোনমণিৰ মৃত্যু দুৰ্ঘটনাতেই। পতিয়ন যাবলৈ বাধ্য সকলো। জোনমণিৰ দুৰ্ভগীয়া মাতৃৰ মনত অৱশ্যে থাকি গ’ল আক্ষেপ। মোৰ আৰু ক’বলৈ একোৱেই নাই…

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দেউতাকৰ পৰা পাইছিল অৱহেলা, হতাশাত ভুগিয়েই নীৰজ শৰ্মাৰ ভয়ংকৰ কাণ্ড!

কণমানি গৌৰৱ-কৌশিকক কোনে হত্যা কৰিলে? ৰাজ্য কঁপোৱা ওদালগুৰিৰ হত্যাকাণ্ডৰ...

সতীয়া ভাতৃয়েই শেষ কৰিলে নিস্পাপ গৌৰৱ-কৌশিকক! আৰক্ষীৰ তদন্তত পোহৰলৈ ন ন তথ্য

যিকোনো পিতৃ-মাতৃৰে বুকু কঁপি যোৱা ঘটনা। শুকুৰবাৰে পৰীক্ষা দিবলৈ...

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী। ৪৩ বছৰৰ মূৰত...

ভূমিকম্পৰ জোকাৰণি, চৌদিশে হাহাকাৰ

পুৱতি নিশা চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। আজি...