জে পি দাস, গৌতম শৰ্মা, ডাঃ পংকজ অধিকাৰীক DPRC বঁটা প্ৰদান

উত্তৰ-পূৱৰ অগ্ৰণী ফিজিঅ’থেৰাপী প্ৰতিষ্ঠান দিগন্তজ ফিজিঅ’থেৰাপী এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, চমুকৈ দিপিআৰচিৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে নলবাৰীত ’দিপিআৰচি বঁটা ২০২৪’ প্ৰদান কৰা হয়৷ নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷ বিশিষ্ট চিকিৎসক ডাঃ পংকজ অধিকাৰী আৰু যশস্বী সংগীত শিল্পী জে পি দাসক চিকিৎসা সেৱা আৰু সংস্কৃতি ক্ষেত্ৰৰ বঁটা প্ৰদান কৰে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাদেৱে৷ আনহাতে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক দিপিআৰচি সাংবাদিকতাৰ বঁটা প্ৰদান কৰে অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জীৱ কৃষ্ণই।

অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ আছিল খ্যাতনামা কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ গীতৰ শৰাই৷ এটাৰ পাচত আনটো জনপ্ৰিয় গীতেৰে তেখেতে উপস্থিত দৰ্শকসকলক নষ্টালজিক কৰি তোলে৷ জে পি দাস আৰু দ্বীপেন বৰুৱাই একেলগে ‘পৰিচয় বিহীন’ গীতটি গোৱাৰ লগে লগে প্ৰেক্ষাগৃহত দৰ্শকৰ হাত তালিৰ জোৱাৰ উঠে৷

অনুষ্ঠানত স্মৰণিকা ’ফিনিক্স’ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু অনাতাঁৰ বিষয়া অসীম কুমাৰ কাজিয়ে৷ দিপিআৰচি জুৰী কমিটিৰ সদস্য প্ৰণয় বৰদলৈৰ লগতে নলবাৰীৰ ১২ গৰাকী বিশিষ্ট ব্যক্তিক দিপিআৰচিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷

দিপিআৰচিৰ অধ্যক্ষ দিগন্ত দাসৰ মাতৃ ডালিমী দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত নকুল দাস আৰু তৃষাৰাণী দাসে লোকগীত, মুকাভিনয়শিল্পী জ্যোতিশ্ৰী আৰ ইউ বৈশ্য আৰু কংকন তালুকদাৰে মুকাভিনয় আৰু নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুল আৰু ৰঙ্গতীৰ্থৰ দুটি দলে নৃত্যানুষ্ঠান পৰিৱেশন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...