সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ কথা পাহৰি যাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত সুৰক্ষিত নহয় খোদ বিজেপিৰ মহিলা নেত্ৰী। দেওবাৰে নিশা গোৱালপাৰাৰ কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হ’ল বিজেপি নেত্ৰীৰ মৃতদেহ। নিহত জোনালী নাথ গোৱালপাৰা জিলাৰ সম্পাদিকা আছিল। এটা অজ্ঞাত লোকৰ ফোনকলত দেওবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল জোনালী নাথ। মূৰত আঘাত পোৱা জোনালী নাথক মৰিয়াই হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। অৱশ্যে ধৰ্ষণ অথবা যৌন নিৰ্যাতনৰ সম্ভাৱনা নস্যাৎ কৰিছে আৰক্ষী অধীক্ষকে। ঘটনা সন্দৰ্ভত ইছলামপুৰৰ হাছানুৰ ইছলাম নামৰ এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে।
BJP নেত্ৰীক নৃশংস হত্যা, ৰাজপথত উদ্ধাৰ মৃতদেহ
হত্যাৰ বলি গোৱালপাৰাৰ বিজেপি সম্পাদিকা জোনালী নাথ
জোনালী নাথৰ ধৰ্ষণ হোৱা নাছিলঃ আৰক্ষী অধীক্ষক
বিয়লি ঘৰৰ পৰা ওলাই গৈছিল, নিশা উদ্ধাৰ মৃতদেহ
মূৰত আঘাত, মৰিয়াই হত্যা কৰাৰ সন্দেহ, তদন্ত আৰম্ভ
ঘটনা সন্দৰ্ভত ইছলামপুৰৰ হাছানুৰ ইছলামক আটক
অতি সক্ৰিয়তাৰে ৰাজ্যিক বিজেপিৰ হৈ ৰাইজৰ সেৱা কৰি গোৱালপাৰা জিলাৰ সম্পাদিকাৰ পদ লাভ কৰিছিল জোনালী নাথে। একাধিক আত্মসহায়ক গোটৰ সৈতেও জড়িত আছিল। দেওবাৰে সন্ধিয়া প্ৰায় ৪ বজাত ঘৰৰ পৰা ওলাই আহিছিল জোনালী নাথ। সন্ধিয়া প্ৰায় ৪.৩০ বজাত মাটিয়াৰ ইছলামপুৰস্থিত ৰাভাপাৰাৰ গাৰোবজাৰত উপস্থিত হৈছিল জোনালী নাথ। গাৰোবজাৰৰ এখন হোটেলত ৰেজ্জাক নামৰ এজন লোকৰ সৈতে কথা হৈছিল। তেতিয়াই এটা অজ্ঞাত ফোনকলত ৰেজ্জাকক তাতেই এৰি হোটেলখনৰ পৰা ওলাই যায় জোনালী নাথ। বজাৰত ৫.৩০ বজাত শেষবাৰৰ বাবে দেখা গৈছিল জোনালী নাথক।
জ্যেষ্ঠ কন্যাই সন্ধিয়া ৬.৩০ বজাত মেছেজ কৰিছিল। মেছেজটো চাইছিলো হেনো জোনালী নাথে। কিন্তু নিশা ৯ বজাত বন্ধ আছিল ম’বাইল। নিশা প্ৰায় ৯.৩০ বজাত কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় গোৱালপাৰা BJPৰ জিলা সম্পাদিকা জোনালী নাথৰ মৃতদেহ। গোৱালপাৰাত বনজুইৰ দৰে বিয়পি পৰে এই খবৰ। আকস্মিকভাবে অহা এই খবৰে কঁপাই গ’ল জোনালীৰ ঘৰখনক। শোকত ভাঙি পৰিল জোনালীৰ দুই কন্যা আৰু স্বামী। ৰাজনৈতিক কৰ্মী হিচাপে সামাজিক কামৰ তাগিদাত প্ৰায়েই ওলাই যোৱা জোনালী নাথ যে এনেকৈ কেতিয়াবা নৃশংস হত্যাৰ বলি হ’ব, সেয়া ঘৰখনৰ বাবে আছিল অকল্পনীয়।
নিশা জোনালী নাথৰ মৃতদেহ প্ৰত্যক্ষ কৰি প্ৰথম দৃষ্টিতেই ধৰ্ষণ কৰি হত্যাৰ সন্দেহ কৰা হৈছিল। অৱশ্যে সোমবাৰে ধৰ্ষণ অথবা যৌন নিৰ্যাতনৰ সম্ভাৱনা নস্যাৎ কৰে গোৱালপাৰাৰ আৰক্ষী অধীক্ষকে। ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে গোৱালপাৰা আৰক্ষীয়ে। সোধা পোচাৰ বাবে ইছলামপুৰৰ হাছানুৰ ইছলামক আটকো কৰিছে আৰক্ষীয়ে।
বিজেপি নেত্ৰী জোনালী নাথৰ এই নৃশংস হত্যাৰ পিছত সমবেদনামূলক প’ষ্টেৰে সামাজিক মাধ্যম ভৰাই পেলালে বিজেপিৰ নেতা, মন্ত্ৰী, সাংসদে। মাটিয়াৰ জোনালী নাথৰ বাসগৃহত দিনৰ ভাগতে উপস্থিত হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা। মৃতদেহৰ মৰোণত্তৰ পৰীক্ষাৰ পিছত ভবেশ কলিতাৰ অভিযোগ- পৰিকল্পিতভাবে হত্যা কৰা হৈছে জোনালী নাথক।
সোমবাৰে বিয়লিলৈ ঘটনাস্থলীত উপস্থিত হ’ল CIDৰ দল। ঘটনাস্থলী তন্নতন্নকৈ পৰীক্ষা কৰি তথ্য-প্ৰমাণ সংগ্ৰহ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ। তদন্ত এতিয়াও অব্যাহত আছে। কিন্তু বিজেপি নেত্ৰী জোনালী নাথক কোনে, কিয়, কেনেকৈ হত্যা কৰিলে সেয়া এতিয়াও ৰহস্য। গোৱালপাৰাবাসীৰ দাবী মুখ্যমন্ত্ৰীয়ে নিজেই নিৰীক্ষণ কৰক জোনালী হত্যাৰ তদন্ত। ৰাজ্যত খোদ বিজেপি নেত্ৰীৰেই যদি এই দশা, সাধাৰণ মানুহৰ নিৰাপত্তা ক’ত?