এসময়ৰ ‘ডেলিভাৰী বয়’, আজি বলীউডৰ ‘সফল অভিনেতা’

প্ৰবল ইচ্ছাশক্তি থাকিলে আৰ্থিক দৈন্যতা সফলতাৰ অন্তৰায় হ’ব নোৱাৰে। এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰিলে বলীউডৰ এগৰাকী প্ৰবল সম্ভাৱনাপূৰ্ণ অভিনেতাই। ডেলিভাৰী বয় হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অভিনেতাজনেও জনা নাছিল ভাগ্যই তেওঁক কোন দিশে লৈ গৈছে?

‘চনম তেৰী কচম’ত দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা অভিনেতা হৰ্ষবৰ্ধন ৰাণেক মনত আছে নে? নেটফ্লিক্সত মুক্তি লাভ কৰা ‘হাছিনা দিলৰুৱা’ শীৰ্ষক ছবিখনত তাপ্চী পন্নুৰ বিপৰীতে অভিনয় কৰা দেখিবলৈ পোৱা গৈছিল হৰ্ষ বৰ্ধনক। ২০০৪ চনত ডেলিভাৰী বয় হিচাপে জীৱন সংগ্ৰাম আৰম্ভ কৰা অভিনেতা গৰাকীয়ে এদিন জন আব্ৰাহামক হেলমেট ডেলিভাৰী কৰিছিল। এখন হিন্দী বাতৰিকাকতৰ সাংবাদিকৰ সন্মুখত সদৰী কৰে এই কথা। এসময়ৰ ডেলিভাৰী বয় আজি ছবি জগতৰ উদীয়মান তাৰকা… এই কথাটো বিশ্বাসেই নহয় স্বয়ং অভিনেতা হৰ্ষ বৰ্ধনৰো।

John Abraham To Cast Harshvardhan Rane In His Next Production 'Bolo Tara Ra  Ra'! | Instant Bollywood

যাৰ বাবে এতিয়াও জন আব্ৰাহামৰ ওচৰত হীনমন্যতাত ভূগে অভিনেতা গৰাকীয়ে। যদিও হৰ্ষ বৰ্ধনৰ এই মনোবৃত্তিক অস্বাভাৱিক অনুভৱ কৰে জন আব্ৰাহামে। জনে প্ৰযোজনা কৰিবলৈ লোৱা ছবিখনত কাম কৰাৰ সুযোগ লাভ কৰাৰ পিছত হৰ্ষ বৰ্ধনে সংবাদমাধ্যমৰ সন্মুখত ব্যক্ত কৰিছে নিজৰ মনৰ কথা। ডেলিভাৰী বয় হিচাপে জনৰ লগত হোৱা হৰ্ষৰ প্ৰথম সাক্ষাৎকাৰ খুউব সন্তোষজনক নাছিল। কিয়নো হৰ্ষৰ মতে প্ৰথম সাক্ষাৎকাৰৰ দিনাখন হৰ্ষৰ চুলিত থকা তেল, মুখৰ শালমইনা আৰু লেতেৰা বাইকেৰে অভিনেতাজনক লগ পাই যিমান উৎসাহিত হৈছিল সিমান বেছি লাজ অনুভৱ কৰিছিল। এতিয়া তেওঁ পূৰ্বৰ সকলো কথা পাহৰি জনৰ সন্মুখত অলপ স্বাভাৱিক হ’বলৈ বিচাৰে যদিও এতিয়াও এয়া তেওঁৰ বাবে সম্ভৱ হোৱা নাই। জনক ‘ছাৰ’ বুলি সম্বোধন কৰা কাৰ্যত জনে অস্বস্তি অনুভৱ কৰিলেও তেওঁ আজিও জনক ছাৰ বুলিয়েই সম্বোধন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...