জন্মদিনৰ মাত্ৰ ৩ দিন পূৰ্বে নোহোৱা হ’ল সকলো পোষ্ট! জন আব্ৰাহামৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক হৈছে নে ই ইচ্ছাকৃত?

অভিনয় দক্ষতাৰ বাবে প্ৰখ্যাত বলীউডৰ হেণ্ডচাম হাংক জন আব্ৰাহাম। জিচমৰ জৰিয়তে বলীউডত খোজ থোৱা অভিনেতাজনৰ এতিয়া কোটি কোটি অনুৰাগী। অভিনেতাজনৰ কেৱল ইনষ্টাগ্ৰামত ৯.৭ নিযুত অনুৰাগী আছে। কিন্তু জন্মদিনৰ মাত্ৰ ৩ দিন পূৰ্বে ইনষ্টাগ্ৰাম হেণ্ডেলৰ সৈতে কিবা খেলিমেলিৰ সৃষ্টি হৈছে।


নিজৰ ৪৯ বছৰীয়া জন্মদিনৰ পূৰ্বে ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা সকলো পোষ্ট বিলুপ্ত কৰিছে। আনকি নিজৰ প্ৰফাইলো আঁতৰাই নিছে।


একাংশই অনুমান কৰিছে যে জন আব্ৰাহামৰ একাউণ্ট হেক কৰা হৈছে আৰু সেইবাবে একাউণ্টৰ এই আকস্মিক পৰিৱৰ্তন ঘটিছে।


ইফালে শেহতীয়াভাবে মুক্তিৰ অপেক্ষাত থকা নিজৰ চিনেমাৰ প্ৰচাৰৰ বাবে দ্য কপিল শৰ্মা শ্ব’ত দেখা গৈছিল জন আব্ৰাহামক। অনুষ্ঠানটোত জনক মানৱ শৰীৰত কেনেদৰে হৃদযন্ত্ৰৰ আক্ৰমণ হয় বৰ্ণনা কৰা দেখা গৈছে। অনুষ্ঠানত ইয়াক তেল আৰু পানীৰ উপমাৰে ব্যাখ্যা কৰিছিল অভিনেতাজনে। অৱশ্যে জনৰ বৈজ্ঞানিক ব্যাখ্যাই সকলো দৰ্শকক বিভ্ৰান্ত কৰি তুলিছিল আৰু অভিনেতাজনক সামাজিক মাধ্যমত ভুৱা ব্যাখ্যাৰ বাবে সমালোচনা কৰিছিল।


জন আব্ৰাহামক সিদ্ধাৰ্থ আনন্দৰ আহিবলগীয়া ছবি পাঠানত দীপিকা পাডুকন আৰু শ্বাহৰুখ খানৰ সৈতে একেলগে দেখা যাব। সত্যমেৱ জয়তে ২ত শেষবাৰৰ বাবে দেখা গৈছিল জন আব্ৰাহামক। আহিবলগীয়া একচন-বাষ্টাৰ ছবি এটেকত জেকুলিন ফাৰ্ণাণ্ডেজ আৰু ৰকুল প্ৰীত সিঙৰ সৈতে দেখা যাব জনপ্ৰিয় অভিনেতাগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...

ডাৱৰ বিস্ফোৰণ (Cloudburst) কি?

নাগালেণ্ডৰ মন (Mon) জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ (Cloudburst) পাছত...

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত দ্বাদশ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ খানাপাৰস্থিত নগৰ কাৰ্যালয়ৰ সভাগৃহত...