ৰাজ‍্যত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধি

ৰাজ‍্যত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধি। ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। জাপানীজ এনকেফেলাইটিছত GMCHত মৃত্যু ৩ কিশোৰসহ ৪ ৰোগীৰ। এটি ৭ বছৰীয়া, এটি ১০ বছৰীয়া আৰু এটি ১২ বছৰীয়া কিশোৰৰ মৃত্যু JEত। এগৰাকী ৮১ বছৰীয়া বৃদ্ধৰো JEত মৃত্যু হৈছে GMCHত। বৰ্তমানো GMCHত চিকিৎসাধীন হৈ আছে ৩২ গৰাকী JEত আক্ৰান্ত ৰোগী। কামৰূপৰ সৰ্বাধিক ১২ জন ৰোগী আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত। নলবাৰীৰ ৮, দৰঙৰ ৫ গৰাকী JEত আক্ৰান্ত ৰোগী বৰ্তমান চিকিৎসাধীন। বাইহাটা, মুকালমুৱা, মৰিগাঁও জিলাতো বৃদ্ধি JEত সংক্ৰমণৰ ঘটনা। JEত আক্ৰান্ত ৰোগীৰ প্ৰথম অৱস্থাত প্ৰচণ্ড জ্বৰ, ডিঙিৰ বিষ, মূৰৰ বিষ অনুভৱ হয়। এনেবোৰ লক্ষণ দেখা পালেই চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান GMCH কৰ্তৃপক্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...