ধেমাজি শিক্ষাখণ্ডৰ বিভিন্ন মণ্ডলত জনভাগীদাৰী কাৰ্যসূচী

ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত হৈ থকা জি-২০ বৈঠকৰ উদ্দেশ্যৰ সৈতে সামঞ্জস্য ৰাখি অলপতে বিদ্যালয় শিক্ষা বিভাগ, ধেমাজিৰ অধীনত ধেমাজিৰ শিক্ষাখণ্ডৰ দহটা মণ্ডল সমল কেন্দ্ৰত জনভাগীদাৰী কাৰ্য্যসূচী বিশেষভাৱে উদযাপন কৰা হয়। পূৱ বৰলুং, দীপা, পূৱ গোঁহাইগাঁও, পূৱ নিলখ,পূব শ্ৰীপাণী, গড়মৰা,গেলুৱা,ঘুঘুহা, হাতীগড়,হাতীপাৰা আৰু হিলৈপাৰা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত মূলতঃ সাধুকথন, যোগ উপস্থাপন, শব্দ আৰু গণিতৰ খেল, জি-২০ ল’গ’ৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে শিক্ষক, ছাত্র-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত জি-২০ আৰু নিপুণ অসমৰ অধীনত ৰূপায়িত হৈ থকা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান সম্পৰ্কে সজাগতা ৰেলী উলিওৱা হয়।

জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলা মিছন সমন্বয়ক কবিতা ডেকা,এফ এল এনৰ জিলা পৰামৰ্শদাতা ৰশ্মি দলে আৰু জিলা আঁচনি বিষয়া(শিক্ষক প্ৰশিক্ষণ) অৰুণিমা দুৱৰাৰ প্ৰত্যক্ষ নিৰ্দেশনা আৰু নিৰীক্ষণত অনুষ্ঠিত এই জনভাগীদাৰি কাৰ্য্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক,সংশ্লিষ্ট উপাদানসমূহৰ বিশেষজ্ঞসকল, খণ্ড ন’ডেল বিষয়াৰ লগতে সংশ্লিষ্ট মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলৰ উপস্থিতিত সমগ্ৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...