ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ

ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ। ভূমিস্খলনত পথতে পোত গৈছে গাড়ী। বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে জম্মু–কাশ্মীৰত।

ডাৱৰ বিস্ফোৰণৰ পিছত নামি অহা পানীৰ ঢলে সৃষ্টি কৰিলে অবৰ্ণনীয় পৰিস্থিতি। ধাৰাসাৰ বৰষুণত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ৩ গৰাকী লোকে। ৰাজপথতে শিল-বালিয়ে পুটি পেলাইছে যান–বাহন। বহু স্থানত ঘৰ–দুৱাৰো পুতি পেলাইছে পাহাৰৰ পৰা নামি অহা শিল মাটিয়ে।

দিশহাৰা হৈ পৰিছে সাধাৰণ লোক। নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। জম্মু–কাশ্মীৰৰ ৰামবানত দেওবাৰে পুৱাই প্ৰৱল বৃষ্টিপাত হয়। তাৰ পিছতে অঞ্চলটোলৈ নামি আহে বিপৰ্যয়। বৰষুণৰ লগতে ভূমিস্খলনে হাহাকাৰ আৱস্থাৰ সৃষ্টি কৰে। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে পথ যোগাযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...