শ্ৰীনগৰত বাছলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীচালনা। শ্বহীদ ২, আহত ১২ জোৱান। প্ৰধানমন্ত্ৰীয়ে বিচাৰিলে সবিশেষ

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। এইবাৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল’লে নিৰাপত্তাৰক্ষীৰ এখন বাছক। নিৰাপত্তাৰক্ষী কঢ়িয়াই নিয়া বাছখনলৈ ধাৰাসাৰ গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত দুজন নিৰাপত্তাৰক্ষী। গুৰুতৰভাৱে আহত ১৪জন জোৱান। IG বিজয় কুমাৰে প্ৰকাশ কৰিছে এই কথা। শ্ৰীনগৰৰ জেৱান অঞ্চলত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ এই আক্ৰমণ। সন্ত্ৰাসবাদীক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে সেনাই।

এই ঘটনাৰ সবিশেষ জনোৱাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। শীঘ্ৰে সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ সবিশেষ অৱগত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। লগতে বৰ্বৰ ঘটনাত শ্বহীদ জোৱানৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...