শ্ৰীনগৰত বাছলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীচালনা। শ্বহীদ ২, আহত ১২ জোৱান। প্ৰধানমন্ত্ৰীয়ে বিচাৰিলে সবিশেষ

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। এইবাৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল’লে নিৰাপত্তাৰক্ষীৰ এখন বাছক। নিৰাপত্তাৰক্ষী কঢ়িয়াই নিয়া বাছখনলৈ ধাৰাসাৰ গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত দুজন নিৰাপত্তাৰক্ষী। গুৰুতৰভাৱে আহত ১৪জন জোৱান। IG বিজয় কুমাৰে প্ৰকাশ কৰিছে এই কথা। শ্ৰীনগৰৰ জেৱান অঞ্চলত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ এই আক্ৰমণ। সন্ত্ৰাসবাদীক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে সেনাই।

এই ঘটনাৰ সবিশেষ জনোৱাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। শীঘ্ৰে সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ সবিশেষ অৱগত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। লগতে বৰ্বৰ ঘটনাত শ্বহীদ জোৱানৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...