চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পত কি কৰিছে ISROৰ বিজ্ঞানীয়ে?

মহানগৰীৰ চন্দ্ৰপুৰৰ মৃত তাপবিদ্যুৎ প্ৰকল্পত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই স্থাপন কৰিবলৈ ওলোৱা অত্যাধিক সমতাসম্পন্ন ৰাডাৰৰ স্থান পৰিদৰ্শন বেংগালুৰুস্থিত ইছৰোৰ ৰাডাৰ উন্নয়নৰ উপায়ুক্ত ডঃ ভি.কে আনন্দৰ। ISROৰ ৰাডাৰ উন্নয়নৰ উপায়ুক্তগৰাকীয়ে প্ৰস্তাবিত স্থানৰ ব্যৱহাৰিক দিশটো পৰ্যবেক্ষণ কৰে। মৃত তাপবিদ্যুৎ প্ৰকল্পৰ ৩০০ বিঘা ভূমিত প্ৰায় ৪০০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো স্থাপন কৰা হ’ব। উল্লেখ্য যে, উচ্চ সমতাসম্পন্ন ৰাডাৰ স্থাপনে অঞ্চলটোৰ মানুহৰ লগতে জীৱ-জন্তু আৰু জলবায়ুত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি ৰাডাৰ উন্নয়ন উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হ’ব নেটৱৰ্ক ফৰ স্পেছ চমুকৈ NETRA নামৰ প্ৰকল্প। ৰাজ্যৰ প্ৰায় ৭টা স্থান পৰিদৰ্শন কৰাৰ পিছত মহানগৰীৰ চন্দ্ৰপুৰৰ মৃত তাপবিদ্যুৎ প্ৰকল্পস্থলীত প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে উপযুক্ত স্থান হ’ব বুলি ISROৰ বিজ্ঞানীয়ে মতামত আগবঢ়োৱাৰ পিছত যোৱা ২৮ ফেব্ৰুৱাৰীত ৰাজ্যৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই উক্ত স্থান পৰিদৰ্শন কৰিছিল। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত সমগ্ৰ কথা মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সম্ভৱ হ’লে অতি শীঘ্ৰে এই প্ৰকল্পটোৰ কাম-কাজ আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...