গাজা চহৰৰ প্ৰৱেশ পথত সোমাবলৈ সাজু হৈছে ইজৰাইলী টেংক

গাজাত অধিক দুৰ্বিসহ হৈ পৰিছে পেলেষ্টাইনীসকলৰ জীৱন। গাজাৰ প্ৰৱেশৰ বাবে ইজৰাইলী সেনাই টেংকাৰ লৈ সাজু হৈছে যদিও তেওঁলোকক প্ৰতিৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে হামাছ বাহিনীয়ে। ইফালে অৱৰুদ্ধ গাজাত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ লগত খোৱা পানীৰ যোগান ব্যাহত হোৱাৰ ফলত তাৰ শিশুৱে ব্যৱহাৰ কৰিবলগীয়া হৈছে সাগৰৰ লুনীয়া পানী। এই কথাত উদ্বিগ্ন হৈ পৰিছে ইউনিচেফৰ লগতে ৰাষ্ট্ৰসংঘ।

যুদ্ধৰ ২৪তম দিনত গাজাত ইজৰাইলী সেনাৰ গোলাবৰ্ষণ অব্যাহত
গাজা চহৰৰ প্ৰৱেশ পথত সোমাবলৈ সাজু হৈছে ইজৰাইলী টেংক
যোৱা ২৪ ঘণ্টাত গাজাৰ ৬০০টা লক্ষ্যত বোমাবৰ্ষণ ইজৰাইলৰ
খোৱাপানীৰ অভাৱত গাজাবাসীয়ে খাবলগীয়া হৈছে সাগৰৰ লুণীয়া পানী


মধ্যপ্ৰাচ্যত যুদ্ধ সমাপ্ত হোৱাৰ কোনো লক্ষণে দেখা দিয়া নাই। অৱৰুদ্ধ গাজাত হামাছ বাহিনীৰ ‍বিৰুদ্ধে গোলাবৰ্ষণ অব্যাহত ৰাখিছে ইজৰাইলে। বৃহৎ সংখ্যক ইজৰাইলী টেংকে ইতিমধ্যে গাজা চহৰত প্ৰৱেশৰ বাবে পশ্চিমৰ দিশে অৱস্থান কৰিছে।

যুদ্ধৰ উত্তেজনাৰ মাজতে গাজাৰ আল-কাডছ হাস্পতাল ইজৰাইলী সেনাৰ লক্ষ্য হোৱাটো প্ৰায় নিশ্চিত
ইজৰাইলৰ মতে এই হাস্পতালত ঘাটি বনাইছে হামাছ নেতাই
উত্তৰ আৰু দক্ষিণ গাজাৰ মাজত যাতায়াত বন্ধ ৰাখিবলৈও সকীয়নি ইজৰাইলৰ
উত্তৰ আৰু দক্ষিণ গাজাৰ মাজত যোগাযোগ বন্ধ কৰিবলৈও ইজৰাইলৰ চেষ্টা


ইফালে গাজাৰ ছালাহ আলডিন পথত ইজৰাইলী টেংকৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে প্ৰত্যাক্ৰমণ চলাইছে হামাছ বাহিনীয়ে। ফলত সেই এলেকাত উভয় পক্ষৰ মাজত এতিয়া অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষণ। হামাছ আৰু ইজৰাইলৰ মাজত শীঘ্ৰে যুদ্ধবিৰতি নহ’লে গাজাত বহুসংখ্যক শিশুৰ মৃত্যু হ’ব বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰসংঘই। খোৱাপানী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা গাজাৰ শিশু এতিয়া লুণীয়া পানী খাবলগীয়া হৈছে বুলিও UNICEFৰ বিবৃতিত প্ৰকাশ। এই পৰিপ্ৰেক্ষিতত যুদ্ধবিধ্বস্ত গাজাৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ আশংকাই দেখা দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...