শান্তিৰ নোবেল বঁটাৰ বাবে ট্ৰাম্পক মনোনীত কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে

পাকিস্তানৰ পিছত এইবাৰ ইজৰাইলেও বিচাৰিছে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নোবেল শান্তি বঁটা লাভ কৰক। ভাৰত-পাকিস্তানৰ সংঘৰ্ষবিৰতিৰ বাবে ট্ৰাম্পক নোবেল শান্তি বঁটা দিয়া উচিত বুলি পাকিস্তানে জনাইছিল। তেওঁলোকে নোবেল সমিতিলৈ সেই প্ৰস্তাৱো জনাইছিল। এইবাৰ বিশ্বৰ বিভিন্ন প্ৰান্তত শান্তি প্ৰতিষ্ঠাৰ বাবে ট্ৰাম্পক নোবেল বঁটাৰ বাবে মনোনীত কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে।

সোমবাৰে হোৱাইট হাউচত নেতানিয়াহুৰ সৈতে নৈশভোজত অংশ লয় ট্ৰাম্পে। সেই সময়তে ট্ৰাম্পক মনোনীত কৰাৰ কথা ঘোষণা কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে। নেতানিয়াহুৱে কয়, “তেওঁ (ট্ৰাম্প) এখনৰ পিছত আনখন দেশত, এটাৰ পিছত আন এটা অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰি আছে।” এই কথা কৈ তেওঁ টেবুলৰ ওপৰত এখন কাগজ তুলি ধৰে। ট্ৰাম্পক উদ্দেশ্যি নেতানিয়াহুৱে কয়, “নোবেল সমিতিলৈ মই পঠোৱা এখন চিঠি আপোনাক দেখুৱাব খুজিছোঁ। আপোনাক নোবেল শান্তি বঁটাৰ বাবে মনোনীত কৰা হৈছে। আপুনি ইয়াৰ বাবে যোগ্য, আপুনি এইটো পাব লাগে।”

নোবেল শান্তি বঁটাৰ বাবে মনোনীত হোৱাৰ কথা শুনি ট্ৰাম্পে নেতানিয়াহুক ধন্যবাদ জনায়। তেওঁ কয়, “মই এই কথা জনা নাছিলোঁ। বিশেষকৈ আপোনাৰ পৰা অহা (মনোনয়ন) এই সঁহাৰি মোৰ বৰ গুৰুত্বপূৰ্ণ।” তাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয়, “মই যুদ্ধ বন্ধ কৰি আছোঁ। মানুহৰ মৃত্যু দেখি মই ভাল নাপাওঁ।”

প্ৰকৃততে, শেহতীয়াকৈ ইজৰাইল-ইৰানৰ সংঘৰ্ষত হস্তক্ষেপ কৰিছিল আমেৰিকাই। ইৰানৰ পৰমাণু কেন্দ্ৰসমূহক লক্ষ্য কৰি আমেৰিকাৰ সামৰিক বাহিনীয়ে আক্ৰমণ চলাইছিল। দুয়োপক্ষৰ সংঘৰ্ষ বন্ধ কৰাতো আমেৰিকাই মধ্যস্থতা কৰিছে বুলি আমেৰিকাৰ দাবী। শেহতীয়াকৈ গাজা ভূখণ্ডত পেলেষ্টাইনপন্থী সশস্ত্ৰ গোষ্ঠী হামাছৰ সৈতে ইজৰাইলৰ সংঘৰ্ষ বন্ধ কৰিবলৈ আমেৰিকাই উদ্যোগ হৈছে। এই পৰিস্থিতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে নিজে ট্ৰাম্পৰ নাম নোবেল শান্তি বঁটাৰ বাবে মনোনীত কৰিছে।

ঘটনাক্ৰমে, ভাৰত-পাকিস্তানৰ সংঘৰ্ষবিৰতিৰ বিষয়েও ট্ৰাম্পে বিভিন্ন মন্তব্য কৰিছে। কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰায় ৩৫ মিনিট ধৰি ফোনত কথা হৈছিল ট্ৰাম্পৰ। ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে জনাইছিল, সেই সময়ত মোদীয়ে ট্ৰাম্পক জনাইছিল যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষবিৰতি কাৰো মধ্যস্থতাত হোৱা নাই। পাকিস্তানৰ ফালৰ পৰা বিৰতিৰ প্ৰস্তাৱ আহিছিল। তাত ভাৰতে সম্মতি জনাইছিল।

তথাপিও ট্ৰাম্পে প্ৰকাশ্যে দাবী কৰে যে, ভাৰত আৰু পাকিস্তান, দুখন পৰমাণু শক্তিধৰ ৰাষ্ট্ৰৰ মাজৰ ক্ৰমবৰ্ধমান সংঘাত তেওঁ বন্ধ কৰিছে। তেওঁ নিজেই মধ্যস্থতা কৰিছে। পাকিস্তানেও প্ৰথমৰ পৰা ট্ৰাম্পৰ দাবীক সমৰ্থন কৰি আহিছে। ট্ৰাম্পৰ সেই ‘উদ্যোগৰ’ বাবে তেওঁৰ নাম নোবেল শান্তি বঁটাৰ বাবে প্ৰস্তাৱ কৰিব বিচাৰে ইছলামাবাদে। এইবাৰ পাকিস্তানৰ পিছত ইজৰাইলেও বিচাৰিছে যে, ট্ৰাম্পে নোবেল শান্তি বঁটা লাভ কৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...