চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল কেনিয়া! আৰক্ষীৰ গুলীত নিহত ১১জন, সংঘৰ্ষত আহত আৰক্ষী

কেনিয়াত পুনৰ চৰকাৰবিৰোধী আন্দোলন গা কৰি উঠিছে। ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৰ চৰকাৰৰ প্ৰতি জনসাধাৰণৰ ক্ষোভৰ অন্ত নাই। কেৱল ৰাজধানী নাইৰোবী নহয়, দেশৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ আহি বিক্ষোভ প্ৰদৰ্শন কৰিছে। বিক্ষোভকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানীৰ কামান ব্যৱহাৰ কৰিছে, কিন্তু তথাপিও বিক্ষোভ শান্ত হোৱা নাই। বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলী চলোৱাৰ খবৰ পোৱা গৈছে। সোমবাৰে আৰক্ষীৰ গুলীত দেশজুৰি ১১ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বহুতো লোক আহত হৈছে। আৰক্ষীৰ বিবৃতি অনুসৰি, বিক্ষোভকাৰীৰ সৈতে সংঘৰ্ষত ৫২গৰাকী আৰক্ষী আহত হৈছে।

‘আল জাজিৰা’ৰ প্ৰতিবেদন অনুসৰি, ১৯৯০ চনত কেনিয়াৰ তৎকালীন ৰাষ্ট্ৰপতি ডেনিয়েল আৰাপ মোইৰ দীৰ্ঘদিনীয়া ‘স্বৈৰাচাৰী’ শাসনৰ অৱসান ঘটাই বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত আন্দোলন হৈছিল। সেই আন্দোলনৰ স্মৃতিত প্ৰতি বছৰে ৭ জুলাইত কেনিয়াৰ বিভিন্ন প্ৰান্তত সমাৱেশৰ আয়োজন কৰা হয়। সোমবাৰৰ সেই সমাৱেশৰ পৰাই ৰাষ্ট্ৰপতি ৰুটোৰ পদত্যাগৰ দাবী উত্থাপিত হৈছে।

বিক্ষোভৰ মূল কেন্দ্ৰ আছিল ৰাজধানী নাইৰোবী। বিক্ষোভকাৰীসকলক প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে ৰাজধানীৰ কেন্দ্ৰীয় অঞ্চললৈ যোৱা প্ৰধান পথবোৰ বন্ধ কৰি ৰাখিছিল। বিক্ষোভকাৰীসকলে সেই পথবোৰৰ মাজেৰে নাইৰোবীৰ কেন্দ্ৰীয় অঞ্চলত উপনীত হ’বলৈ চেষ্টা কৰিছিল। তেতিয়াই পৰিস্থিতি উত্তপ্ত হৈ পৰে। আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছিল বিক্ষোভকাৰীসকল। তেওঁলোকক আটক কৰিবলৈ আৰক্ষীয়ে পানীৰ কামান আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলী চলাইছিল। তাৰ ফলত ১১গৰাকী বিক্ষোভকাৰীৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে, বিগত বছৰৰ ২৫ জুনত মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ ওপৰত অতিৰিক্ত কৰৰ বোজাৰ প্ৰতিবাদত কেনিয়াত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰাজধানী নাইৰোবীকে ধৰি দেশৰ বিভিন্ন চহৰত আন্দোলনত নামিছিল প্ৰতিবাদকাৰী। আৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও ৬০জনৰ মৃত্যু হৈছিল আৰু প্ৰায় ২০জন নিৰুদ্দেশ হৈছিল। যোৱা মাহতো চৰকাৰবিৰোধী আন্দোলনে কেনিয়াক উত্তপ্ত কৰি তুলিছিল। তাৰ কেইদিনমানৰ পিছতেই পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কেনিয়াত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...