মহাকাশচাৰীসকলে মহাকাশত কিদৰে শুৱে, কিদৰে খায়?

মহাকাশত এদিনত ১৬ বাৰ সূৰ্য উদয় হয় আৰু ১৬ বাৰ সূৰ্য অস্ত যায়। এনে পৰিস্থিতিত মহাকাশচাৰীসকলে কেনেকৈ টোপনি যায়? এই প্ৰশ্নৰ উত্তৰত শিক্ষাৰ্থীসকলৰ কৌতূহল নিৰ্বাপন কৰিলে ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লাই। তেওঁ বৰ্তমান আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (আই এছ এছ) আছে। মঙ্গলবাৰে তাত থাকিয়েই তেওঁ জনালে যে, মহাকাশচাৰীসকলে সূৰ্যৰ হিচাপত নচলে, তেওঁলোকে গ্ৰীনিচ সময়ৰ হিচাপত চলে।

ইছৰোৰ উত্তৰ-পূৰ্ব মহাকাশ প্ৰয়োগ কেন্দ্ৰই (এন ই এছ এছি) এটা কাৰ্যসূচীৰ আয়োজন কৰিছিল। তাত সুভাংশুৱে আই এছ এছৰ পৰা শিক্ষাৰ্থীৰ সৈতে কথা পাতিলে আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিলে। তেওঁ মহাকাশত কেনেকৈ খাদ্য গ্ৰহণ কৰে, কেনেকৈ টোপনি যায়, তাৰো উত্তৰ দিলে। এদিনত ইমানবাৰ সূৰ্যোদয় হোৱাৰ মাজত কেনেকৈ টোপনি যায়, তাৰো উত্তৰ দিলে সুভাংশুৱে। তেওঁ ক’লে, “আই এছ এছত আমি এদিনত ১৬ বাৰ সূৰ্যোদয় আৰু ১৬ বাৰ সূৰ্যাস্ত দেখোঁ। কাৰণ আমি প্ৰতি ৯০ মিনিটত পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁ। আমি সূৰ্যৰ পোহৰৰ হিচাপত কাম নকৰোঁ, গ্ৰীনিচ সময় (ভাৰতীয় সময়ৰ পৰা চাৰে পাঁচ ঘণ্টা পিছপৰা)ৰ হিচাপত কাম কৰোঁ।”

মহাকাশত মাধ্যাকৰ্ষণ শক্তি নাথাকে। এনে পৰিস্থিতিত তেওঁলোকে কেনেকৈ খাপ খাইছে, সেই বিষয়েও সুভাংশুৱে জনালে। তেওঁৰ মতে, “পৃথিৱীত আমি মাধ্যাকৰ্ষণৰ মাজত ডাঙৰ-দীঘল হৈছোঁ। কিন্তু মহাকাশত সেই শক্তি নাথাকে। ইয়াত শৰীৰত নানা ধৰণৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনৰ সৈতে খাপ খুৱাবলৈ সময়ৰ প্ৰয়োজন। প্ৰথমতে অস্বস্তি (স্পেছ ছিকনেছ) অনুভৱ হয়। তাৰ বাবে ঔষধ আছে। আমি বৰ সোনকালে খাপ খাই লৈছোঁ।” পৃথিৱীতেই তেওঁলোকৰ এই বিষয়ে প্ৰশিক্ষণ হৈছিল বুলিও তেওঁ জনালে। মহাকাশত শৰীৰ সুস্থ ৰখাটোৱেই মহাকাশচাৰীসকলৰ প্ৰধান লক্ষ্য বুলি তেওঁ ক’লে। তেওঁৰ মতে, “শূন্য মাধ্যাকৰ্ষণত পেশী আৰু হাড়ৰ ক্ষয় হয়। আমি প্ৰতিদিনে ট্ৰেডমিল, চাইকেল আৰু শক্তি প্ৰশিক্ষণৰ যন্ত্ৰত শৰীৰচৰ্চা কৰোঁ। এই অভিযানৰ সময়ত আৰু পৃথিৱীলৈ ঘূৰি অহাৰ পাছতো সুস্থ হৈ থকাটো অতি জৰুৰী।” মহাকাশত কিছু কামৰ বাবে ৰ’বট-বাহু ব্যৱহাৰ কৰা হৈছে বুলিও সুভাংশুৱে জনালে। তেওঁ ভাৰতীয় শিক্ষাৰ্থীসকলক মহাকাশৰ বিষয়ে অধিক সপোন দেখাৰ কথাও ক’লে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...