অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাত কোনোবাই কিবা লুকুৱাইছে নেকি?

ধেমাজিৰ অনুষ্কা শইকীয়াৰ মৃত্যু কেনেকৈ হৈছিল। পৰিয়ালৰ অভিযোগ এয়া হত্যাকাণ্ড। আৰক্ষীয়ে ইজনৰ পাছত সিজনক জেৰা চলাইছে। প্ৰেমিক ৰাহুল শইকীয়াকো সোধা-পোছা কৰিছে আৰক্ষীয়ে। যিনিশা অনুষ্কাৰ মৃত্যু হৈছিল সেইনিশাই এটা ফেচবুক পোষ্ট দিছিল অনুষ্কাই। কিন্তু ৰহস্যজনকভাবে অনুষ্কাৰ সেই ফেচবুক পোষ্ট নোহোৱা হ’ল। এনে কিছু কথাৰে অধিক ৰহস্যজনক হৈ পৰিছে অনুষ্কাৰ মৃত্যুৰ ঘটনা।

মৃত্যুৰ পূৰ্বে অনুষ্কা শইকীয়াৰ এটা বিশেষ ফেচবুক পোষ্ট
মৃত্যুৰ পাছত সেই পোষ্ট নোহোৱা হ’ল কেনেকৈ?
অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাত কোনোবাই কিবা লুকুৱাইছে নেকি
?

ভাড়াঘৰত মেধাৱী যুৱতী অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনা ক্ৰমাত ঘনঘোৰ ৰহস্যৰ মাজত সোমাই পৰিছে। এতিয়ালৈ হোৱা ঘটনা প্ৰৱাহ থোৰতে জানি ললে সহজ হব বুজিবলৈ। আচলতে কি হৈছিল অনুষ্কাৰ লগত।
দেওবাৰে পুৱা হেঙেৰাবৰীৰ ভাড়াঘৰত অনুষ্কাৰ মৃতদেহ উদ্ধাৰ
ভাড়াঘৰৰ মালিক আৰু বনকৰা মহিলালৈ অভিযোগৰ আঙুলি পৰিয়ালৰ
দুয়োৰে অবৈধ সম্পৰ্কৰ বিষয়ে জনাৰ বাবেই অনুষ্কাৰ মৃত্যুৰ সন্দেহ

কিন্তু, ঘটনাৰ আছে আৰু বহু দিশ।
সেইনিশা হাউছ নম্বৰ-৩ত হৈছিল কি?
যিনিশা অনুষ্কাৰ মৃত্যু হৈছিল… সেই নিশা প্ৰেমিকক পল্টনবজাৰ ষ্টেচনলৈ থ’বলৈ গৈছিল অনুষ্কা
অনুষ্কাৰ সৈতে গৈছিল বনকৰা মহিলা জুনু বৰাও
তাৰ আগদিনা অৰ্থাৎ শুকুৰবাৰে অনুষ্কাৰ ভাড়াঘৰলৈ আহিছিল প্ৰেমিক ৰাহুল শইকীয়া। ৰাহুলৰ সৈতে আছিল এজন বন্ধুও। নিশা দাইল আলু ভাজিৰে ভাত খাইছিল আটাইকেইজনে। তাৰ পাছদিনা প্ৰেমিকক ষ্টেচনত থৈ অহাৰ পাছতেই নিশা মৃত্যু হৈছিল অনুষ্কাৰ।
অনুষ্কাৰ প্ৰেমিকক সোধা-পোছা কৰিছে আৰক্ষীয়ে
নিশ্চিত নহ’লেও সমগ্ৰ ঘটনাটোত সন্দেহৰ বাহিৰত নহয় অনুষ্কাৰ প্ৰেমিক। কিন্তু অনুষ্কাৰ মাতৃ তথা পৰিয়ালৰ মতে নিজৰ লৰাৰ দৰে আছিল ৰাহুল শইকীয়া। অনুষ্কা আৰু প্ৰেমিক ৰাহুলৰ বিয়াৰ কথাও চিন্তা কৰিছিল পৰিয়ালে।

ভাড়াঘৰটো লোৱা দুমাহ হৈছিল…
বনকৰা মহিলাগৰাকী আহিছিল এমাহ পূৰ্বে

৬০ উৰ্ধৰ ভাড়াঘৰৰ মালিকৰ সৈতে বনকৰা মহিলাৰ অবৈধ প্ৰেম। সেই কথা অনুষ্কাই গম পোৱা আৰু সেই ঘটনাৰ বাবেই অনুষ্কাৰ মৃত্যু। কথাবোৰ সহজভাৱে ল’ব পৰা নাই আৰক্ষীয়ে। গোটেই ঘটনাৰ তদন্তত অতি তাপৰ্যপূৰ্ণ অনুষ্কাৰ সেই ফেচবুক পোষ্ট। কাক উদ্দেশ্যি আক্ষেপভৰা সেই পোষ্টটো দিছিল অনুষ্কাই। সেই পোষ্ট আৰু মৃত্যুৰ কানেকচন আছে নেকি? দেওবাৰে মৃত্যু। শুকুৰবাৰে অনুষ্কাৰ ভাড়াঘৰলৈ আহিছিল প্ৰেমিক। সেইনিশা প্ৰেমিকৰে সংঘাতো হৈছিল। তেন্তে এয়া হত্যা নে আত্মহত্যা? আৰক্ষীয়ে এইপৰ্যন্ত বনকৰা মহিলা জুনু বৰা। ঘৰৰ মালিক ৰমেশ ভড়ালী। অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক সোধা-পোছা কৰিছে। দেওবাৰেই আৰক্ষীয়ে মাতি পঠিয়াছিল ৰাহুলক। ৰাহুল হাজিৰ হ’ল বুধবাৰে। আৰক্ষীয়ে এতিয়াও সোধা-পোছা কৰা নাই পাৰ্লাৰৰ মালিকক। আৰু কাৰোবাক আৰক্ষীয়ে জেৰা কৰিব নেকি? সেয়াও গুৰুত্বপূৰ্ণ। এতিয়াও ৰহস্যৰ আৱৰ্তত বহু কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...