প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্কৰ ওৰ পৰিলনে?

দীৰ্ঘদিনে প্ৰধানমন্ত্ৰী মন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে। বিশেষভাৱে ‘আপে’ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ বিভিন্ন প্ৰশ্ন অৱতাৰনা কৰে। বাৰানসীৰ পৰা এইবাৰ পুনৰ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। দিল্লী বিশ্ব বিদ্যালয়ৰপৰা বি.এ. আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰী লোৱাৰ তথ্য দাখিল কৰিছে শপতনামাত। এইবাৰ কি স্থিতি লৈছে বিৰোধীয়ে?

শপতনামাত উল্লেখ কৰা মোদীৰ ‘ডিগ্ৰী’ক লৈ বিৰোধীত কি প্ৰতিক্ৰিয়া?
মোদীক ‘নিৰক্ষৰ’ বুলি কোৱা কেজৰিয়াল নিমাত

বিশাল ৰোড শ্ব’, জনসভাৰে মঙলবাৰে বাৰাণসীত মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মনোনযনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে দাখিল কৰা শপতনামাত সম্পতিৰ তালিকাৰ পৰা শিক্ষাগত অৰ্হতা লৈ সকলো তথ্য উল্লেখ কৰা হৈছে।

সেই মৰ্মে দিল্লী বিশ্ববিদ্যালয়ৰ ‍‍B.A.আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ M.A. মোদী
দূৰ সংযোগী পাঠ্যক্ৰমেৰে মোদীয়ে লৈছে এই উচ্চ শিক্ষাৰ ডিগ্ৰী

২০১৯ৰ লোকসভা নিৰ্বাচনতো দাখিল কৰা হৈছিল এই অনুৰূপ তথ্য। কিন্তু এই লৈ আম আদমী পাৰ্টীয়ে সূত্ৰপাত কৰিছিল বিতৰ্কৰ। প্ৰধানমন্ত্ৰীক সন্দেহৰ আবৰ্তত সুমুৱাই আপে আৰম্ভ কৰিছিল শিক্ষাগত আৰ্হতা প্ৰদৰ্শনৰ কেম্পেইন। কেজৰৱাল কাষ চাপিছিল গুজৰাট উচ্চ ন্যায়ালয়ৰ। অৱশ্যে অদালতে নাকচ কৰিছিল কেজৰিৱালৰ আৱেদন। ইয়াৰো পূৰ্বে মোদীৰ ডিগ্ৰীক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আগবাঢ়ি আহিছিল অমিত শ্বাহ, অৰুণ জেটলী। এইবাৰ অৱশ্যে প্ৰধানমন্ত্ৰী উল্লেখ কৰা শিক্ষাগত অৰ্হতাক লৈ নিমাত কেজৰিয়াল। একাংশই অৱশ্যে প্ৰধানমন্ত্ৰীৰ শপতনামাৰ লগতে ৰাহুল গান্ধীয়ে বিদেশত পঢ়া–শুনা কৰা প্ৰমাণ পত্ৰবোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...