গো-মাংস নিষিদ্ধৰ বাবে দায়ী ৰকিবুল হুছেইন নেকি?

হঠাৎ অসমত কিয় নিষিদ্ধ হ’ল গো-মাংস? গো-মাংস নিষিদ্ধৰ বাবে দায়ী ৰকিবুল হুছেইন নেকি? ৰকিবুলৰ অভিযোগৰ বাবেই গো-মাংস নিষিদ্ধ কৰিলে নেকি মুখ্যমন্ত্ৰীয়ে? গো-মাংস নিষিদ্ধকলৈও আৰম্ভ আন এক ৰাজনীতি। সদ্যসমাপ্ত উপ–নিৰ্বাচনত গো–মাংসক লৈ তোলপাৰ লাগিছিল ৰাজ্যৰ ৰাজনীতি। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী, প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইে বিজেপিৰ বিৰুদ্ধে আনিছিল এক গুৰুতৰ অভিযোগ। ৰকিবুল হুছেইনৰ অভিযোগ অনুসৰি চামগুৰি সমষ্টিত গো–মাংসৰে ভাজ–ভাত খুৱাই সংখ্যালঘু ভোটাৰক প্ৰলোভিত কৰিছিল বিজেপিয়ে। সংবাদমেল পাতি মুকলিকৈ এই অভিযোগ আনিছিল কংগ্ৰেছী সাংসদজনে।

সাংসদ ৰকিবুল হুছেইনৰ এই অভিযোগক লৈ তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। ৰাজ্যত গো–মাংস নিষিদ্ধৰ বাবে হুছেইনক লিখিত পত্ৰ দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে। ভূপেন বৰা আৰু ৰকিবুল হুছেইনে পত্ৰ দিলে তাৎক্ষণিকভাৱে অসমত গো মাংস নিষিদ্ধ কৰিব বুলিও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।

কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা অথবা সাংসদ ৰকিবুল হুছেইনে গো-মাংস নিষিদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ দিলে নে নাই, সেয়া জানিব পৰা হোৱা নাই যদিও বুধবাৰে ৰাজ্যিক কেবিনেট বৈঠকে ৰাজ্যত নিষিদ্ধ কৰিলে গো–মাংস। দিল্লীত অনুষ্ঠিত হোৱা অনলাইন ৰাজ্যিক কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে– হোটেল, ৰেস্তোঁৰাত বিক্ৰী কৰিব নোৱাৰিব গো-মাংস। সমূহীয়া অনুষ্ঠান আদিতো নহ’ব গো-মাংসৰ ব্যৱহাৰ।

ৰাজ্যত গো মাংস নিষিদ্ধৰ কেবিনেট সিদ্ধান্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰতিক্ৰিয়া– কেবিনেটৰ সিদ্ধান্তক লৈ নিশ্চয় সুখী হ’ব ভূপেন-ৰকিবুল।

প্ৰকাৰন্তৰে ৰাজ্যত গো–মাংস নিষিদ্ধৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আরু সাংসদ ৰকিবুল হুছেইনকে যেন স্বীকৃতি দিব বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গো–মাংস নিষিদ্ধক লৈ সৃষ্টি হোৱা নতুন বিতৰ্কৰ বাবেও কংগ্ৰেছলৈ দায় এৰিব বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ মাজতে AIUDFৰ সদ্যনিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰৰ মন্তব্য– গো মাংস নিষিদ্ধৰ বাবে একমাত্ৰ দায়ী কংগ্ৰেছ।

ইপিনে গো–মাংস নিষিদ্ধক লৈ সৃষ্টি হোৱা নতুন বিতৰ্কৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইনে সিকদাৰৰ প্ৰতিক্ৰিয়া–খাদ্যভ্যাসক লৈ কেতিয়াও ৰাজনীতি কৰা উচিত নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...