ভুৱা হিন্দুত্ববাদী নেকি নৰেন্দ্ৰ মোদী?

🖋️অচিন্ত্য শৰ্মা

ভাগৱতৰ তৈলমৰ্দন আৰু নুপুৰ নবীনৰ নিলম্বন, আৰব বিশ্বৰ ধমকি আৰু দিল্লীৰ দুৰ্বল বিদেশী নীতি। সকলো মিলাই দেশৰ এতিয়া বিভ্ৰান্তীকৰ পৰিস্থিতি। দ্বিধাগ্ৰস্ততাৰ মাজত ভাৰতৰ ৰাষ্ট্ৰবাদী। লক্ষ্যণীয়ভাবে যোৱা দুই জুনৰ আৰ এছ এছ প্ৰাধান মোহন ভাগৱতে এক অতি বিৰ্তকতি ভাষণ প্ৰদান কৰিছিল, যিটো ভাষণত বহুতৰে মতে, স্পষ্টভাবে প্ৰতিফলিত হৈছিল মুছলিম তোষণৰ সুৰ। উক্ত ভাষণৰ পিছতে দেশজুৰি সমালোচনা হৈছিল মোহন ভাগৱত। সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হোৱাৰ উপৰি আৰ এছ এছৰ ভিতৰচ’ৰাতো নেতিবাচক প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল ষড়সংঘচালক গৰাকীৰ। ইয়াৰ পিছতে আহিল নুপুৰ-নবীনৰ নিলম্বনপৰ্ব। এক টেলিভিচন টকশ্বোত মুছলমান পক্ষৰ তীব্ৰপ্ৰৰোচনাৰ সন্মুখত বিজেপি নেত্ৰী তথা মুখপাত্ৰ নুপুৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত কেতবোৰ শ্ৰতিকূট মন্তব্য কৰাৰ সমান্তৰালভাবে দলৰ তথ্যপ্ৰযুক্তি বিভাগৰ গুৰুত্বপূৰ্ণ কাৰ্যকৰ্তা নবীন জিন্দলেও অনুৰূপ টুইট কৰাৰ পৰিপেক্ষিতত উভয়ে দলৰ পৰা ছবছৰলৈ নিলম্বিত ল’ব লগা হ’ল। এই দ্বৈত নিলম্বনে এতিয়া জোকাৰিছে দেশৰ হিন্দুত্ববাদী তথা ৰাষ্ট্ৰবাদী শিবিৰক। ধুমুহাৰ সৃষ্টি হৈছে বিজেপিৰ ভিতৰত। মোদীৰ নীতি, স্থিতি আৰ্দশনিষ্ঠা আৰু ৰণ কৌশলক লৈও প্ৰশ্ন উঠিছে। লক্ষণীয়ভাবে, নুপুৰ শৰ্মা আৰু নবীন জিন্দলৰ নিলম্বন দলীয় হাইকামাণ্ডৰ স্বাক্ষৰত হলেও এই নিলম্বন যে সৰ্বশক্তিমান মোদীৰ ইচ্ছা আৰু অনুমোদন সাপেক্ষেহে হৈছে সেয়া সকলোৱে বুজি পাইছে। সেয়ে বিষয়টোক লৈ আক্ৰমণৰো মূল লক্ষ্য হৈ উৰিছে প্ৰধানমন্ত্ৰী মোদীয়েই। নুপুৰ শৰ্মা আৰু নবীন জিন্দলৰ মন্তব্য প্ৰসংগত উতিমধ্যে তীব্ৰ পৰ্তিক্ৰিয়াৰ সৃষ্টি হৈছে মুছলিম দুনিয়াত। অৰ্গেনাইজেশ্যন অব্ ইছলামিক কো-অ’পাৰেশ্যন চমুকৈ অ’ আই চিয়ে বিষয়টোক লৈ ভাৰতৰ ওপৰত তীব্ৰ হেচাঁ প্ৰয়োগ কৰিছে আৰু এনে হেচাঁৰ বাবেই বিজেপি নেতৃত্বই নুপুৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে এনেধৰণৰ ব্যৱস্থা লবলৈ বধ্য হোৱা বুলি এটা যুক্তিৰ সৃষ্টি হৈছে।

পিছে এই যুক্তিও এতিয়া বুমেৰাং হৈ উঠিছে মোদী, এছ জয় শংকৰ আৰু দেশৰ বিদেশ মন্ত্ৰলায়ৰ বাবে। অভিযোগ উঠিছে, মোদীৰ আমোলাত ভাৰতৰ বিদেশনীতি সফল হোৱা বুলি ঢাক ঢোল বজাই থকাৰ বিপৰীতে এই নীতি দুৰ্বল হৈ পৰাৰ প্ৰমাণ ওলাল বুলিহে। ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা অ’ আই চিৰ হেঁচাৰ ওচৰত আঠু লৈ দলীয় সিদ্ধান্ত গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীৰ ৫৬ ইঞ্চিৰ বুকু ক’ত গ’ল বুলিও প্ৰশ্ন উঠিছে, এই মুহূত্বত। মন্তব্য যে, ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়তো অ’ আই চিয়ে পাকিস্তানৰ পক্ষ গ্ৰহণ কৰি ভাৰতৰ বিৰুদ্ধে তীব্ৰ হেঁচাৰ সৃষ্টি কৰিছিল। কিন্তু সেই হেঁচা প্ৰতিহত কৰি তেতিয়া দেশৰ স্বাৰ্থ অক্ষুন্ন ৰাখিছিল ভাৰতৰ তদানীন্তন প্ৰধানমন্তী ইন্দিৰা গান্ধীয়ে। আনহাতে আজিও চীনে মুছলিম বিশ্ব বা অ’ আই চিলৈ বুঢ়া আঙুলি দেখুৱাই উইঘূৰ মুছলিমসকলৰ ওপৰত প্ৰয়োজনীয় বুলি বিবেচনা কৰা দমন চলাই আছে ইছৰাইলে। কোনেও মুছলিম বিশ্ব বা অ’আই চিৰ ওপৰত আঠু লোৱা নাই; আঠু লৈছে একমাত্ৰ নৰেন্দ্ৰ মোদীয়ে। এনে পৰিস্থিতিয়েই এতিয়া হতাশা, বিভ্ৰান্তী আৰু দ্বিধাগ্ৰস্ততাৰ সৃষ্টি কৰিছে ভাৰতৰ হিন্দুত্ববাদী আৰু ৰাষ্ট্ৰবাদী শিবিৰৰত। সংঘ, মোদী বা বিজেপিৰ ওপৰত আস্থা হেৰুৱাই পেলোৱা এই শিবিৰটোৰ সন্মুখত আহি পৰছে বিকল্প সন্ধানৰ প্ৰশ্নও। ইফালে আন একাংশৰ মতে মোদীৰ সলনি যদি যোগী আদিত্য নাথ দেশৰ প্ৰধানমন্ত্ৰী আসনখনত উপবিষ্ট হয়, তেনেহলে সলনি হ’ব দেশৰ বিদেশ নীতি আৰু আভ্যন্তৰীণ পৰিস্থিতি।

তাত্পৰ্যপূৰ্ণভাবে শেহতীয়া ঘটনাৱলীতকৈ বিভিন্ন মহলত উত্থাপিত হৈছে অন্যকেটবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নও। প্ৰশ্ন উঠিছে, আজি যদি ভাৰতৰ এটা ৰাজনৈতিক দলে কাক নিলম্বিত কৰিব আৰু কিয় নিলম্বণ কৰিব, সেয়া মুছলিম বিশ্বই থিক কৰি দিব পৰা হয়, কাইলৈ মুচলিম বিশ্বৰ নিৰ্দেশতে মোদীয়ে ভাৰতৰ কাশ্মীৰ নীতিও নিৰ্ণয় কৰিব নেকি? বা ইউনিফৰ্ম চিভিল কোড, তিনি তালাক, হিজাব, গোহত্যা, কাশী, মথুৰা আদি বিষয়টোক লৈ OICৰ ওচৰত আঠুলৈ মোদীয়ে সেই ইছলামিক ৰাষ্ট্ৰৰ সংগঠনটোৱে দিয়া নিৰ্দেশ অনুসৰি নিজৰ স্থিতি থিক কৰিব নেকি? এইবোৰ প্ৰশ্নও হৈ উঠিছে শেহতীয়া পৰিস্থিতিৰ পৰিপেক্ষিতত প্ৰাসংগিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...