কয়লাৰ ক’লা বেহা ৰোধত নোসোমাই ৰাজ্যৰ মন্ত্ৰী–বিধায়ক

কয়লাৰ ক’লা বেহা ৰোধত নোসোমাই ৰাজ্যৰ মন্ত্ৰী–বিধায়ক
মুখ্যমন্ত্ৰীৰ মতে কয়লাৰ ক’লা বেহা ৰুধিবলৈ যথেষ্ট থানাৰ অ’ চি

নগাঁও আৰক্ষীৰ সন্দেহজনক কৰ্মকাণ্ডই সৃষ্টি কৰিছে ৰহস্যৰ
প্ৰশ্ন উঠিছে নগাঁও আৰক্ষীৰ খাকী পোচাকত লাগিছে নেকি কয়লাৰ ক’লা দাগ?
কাৰণ আৰক্ষীয়ে জব্দ কৰা অভাৰলোড কয়লা ট্ৰাক হঠাৎ‍ হ’ল অন্তৰ্ধান

অভিযোগ অনুসৰি দৈনিক নগাঁও আৰক্ষীৰ নাকৰ তলেৰে সৰবৰাহ হৈ আছে কাৰ্বি আংলঙৰ পৰা অবৈধভাৱে অত্যধিক কয়লা বোজাই কৰা ট্ৰাক। সকলো দেখিও চকু মদাৰ কুলিৰ ভাও লৈছে নগাঁও আৰক্ষী আৰু পৰিৱহন বিভাগে। বৃহস্পতিবাৰৰ এটা ঘটনাই সেই অভিযোগ যেন সত্য প্ৰমাণিত কৰিছে। কাৰণ কাহিলী পুৱাই নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰিছিল এই ৩খন কয়লাভৰ্তি ট্ৰাক। কিন্তু ৰহস্যজনকভাৱে বৰঘাট আৰক্ষীয়ে থানাৰ পৰা ২ কিঃ মিঃ দূৰৰ এটা তেল ডিপুত ৰাখিছিল কয়লা ভৰ্ত্তি ট্ৰাক তিনিখন। পুৱাৰ পৰা সন্ধিয়ালৈ অত্যধিক কয়লা বোজাই কৰা ট্ৰাক ৩খন তেল ডিপুত পহৰা দিলে আৰক্ষীয়ে। কিন্তু ঘটনাৰ খবৰ পাই তেল ডিপুটোত সাংবাদিক উপস্থিত হোৱাত ৰহস্যজনকভাৱে পলায়ন কৰিছে কয়লা ট্ৰাকৰ পহৰাদাৰী কৰা বৰঘাট আৰক্ষীয়ে।

এই ৩খন ট্ৰাকত কাৰ্বি আংলঙৰ পৰা সৰবৰাহ কৰিছি কয়লা। নগাঁৱৰ কঠিয়াতলিৰ জনৈক আজগৰে সৰবৰাহ কৰিছিল কয়লাখিনি। ট্ৰাক ৩খনত অত্যধিক কয়লা বোজাই কৰা বুলি স্বীকাৰ কৰিলে খোদ ট্ৰাকৰ চালকেই। কিন্তু সাংবাদিক উপস্থিত হোৱাৰ পিছতে সন্ধিয়ালৈ হঠাৎ‍ তেল ডিপোটোৰ পৰা নোহোৱা হ’ল অত্যধিক কয়লা বোজাই কৰা ট্ৰাককেইখন। ইফালে এক সূত্ৰ মতে পুৱাই জব্দ কৰা কয়লাৰ ট্ৰাক ৩খন অভাৰলোড বুলি নগাঁৱৰ পৰিৱহন বিভাগক জনাইছিল বৰঘাট আৰক্ষীয়ে। কিন্তু ৰহস্যজনকভাৱে অবৈধ কয়লা ট্ৰাক ৩খন বিৰুদ্ধে কোনো ব্যৱস্থাই নল’লে পৰিৱহণ বিভাগে। যাৰ পৰিণতিত সন্ধিয়া তেল ডিপোৰ পৰাই নোহোৱা হ’ল ট্ৰাক কেইখন। নগাঁও আৰক্ষী আৰু পৰিৱহণ বিভাগৰ কয়লা মাফিয়ালৈ এই দৰদক লৈ সৰৱ হৈছে স্থানীয় দল সংগঠন।

প্ৰশ্ন হৈছে কাৰ ভয়ত, কাৰ নিৰ্দেশত অবৈধ কয়লা ট্ৰাক কেইখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস নহ’ল নগাঁও আৰক্ষী আৰু পৰিৱহন বিভাগৰ। মুখ্যমন্ত্ৰীয়ে যিটো কাম অ চিয়েই কৰিব পাৰে বুলি ঘোষণা কৰিছে। বাস্তৱত নগাঁৱৰ দুটাকৈ বিভাগে কিয়া পৰা নাই কয়লা মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ? কাৰ বলত বলিয়ান অবৈধ কয়লা ব্যৱসায়ী আজগৰ। নে মুখ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰিলেও কয়লা সৰবৰাহৰ অন্তৰালত আছে নেকি কোনো ৰাজনৈতিক নেতা বিধায়কৰ হাত?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...