দিল্লী কেপিটেলছৰ অলৰাউণ্ডাৰ মিচেল মাৰ্চৰ দেহত ক’ভিডৰ স্যমান্য লক্ষণ

পুনৰ IPLত ক’ভিড ১৯ৰ সংক্ৰমণে লগাইছে আউল। ক’ভিডৰ বাবেই অনিশ্চয়তাত বুধবাৰে অনুস্থিত হ’ব লগীয়া দিল্লী কেপিটেল আৰু পঞ্জাৱ কিংছৰ মেচ। দিল্লী কেপিটেলছৰ শিৱিৰত ক’ভিডৰ আতংক। পঞ্জাৱ কিংছৰ সৈতে খেলৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হয় দিল্লী কেপিটেলছৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ মিচেল মাৰ্চ। স্যমান্য ক’ভিডৰ লক্ষণ আছে মিচেল মাৰ্চৰ। মঙলবাৰে RT-PCR টেষ্টত ক’ভিড পজিটিভ হয় অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডৰজন। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে দিল্লী কেপিটেলছৰ তিনিজন স্কোৱাড মেম্বাৰো আক্ৰান্ত হৈছে ক’ভিডত।

দলটোৰ আনসকল খেলুৱৈ আৰু ষ্টাফৰ ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট এতিয়াও অহা নাই। উল্লেখযোগ্যযে শুকুৰবাৰে দিল্লীৰ ফিজিঅ’ ফাৰ্হাৰ্ট প্ৰথমে আক্ৰান্ত হৈছিল ক’ভিডত। আনহাতে পঞ্জাৱৰ বিৰুদ্ধে পুনেত অনুষ্ঠিত হ’বলগীয়া খেল খনৰ বাবে আজিয়েই ৰাওনা হোৱাৰ কথা আছিল দিল্লীৰ দলটো। কিন্তু সাময়িকভাৱে বাতিল কৰা হৈছে দলটোৰ যাত্ৰা। সম্প্ৰতি নিজৰ নিজৰ কোঠাতে থাকিবলৈ নিৰ্দেশদিয়া হৈছে দিল্লী কেপিটেলছৰ খেলুৱৈসকলক। আনহাতে বুধবাৰৰ খেলখনক লৈ এতিয়াও IPL কৰ্তৃপক্ষই লোৱা নাই কোনো সিদ্ধান্ত। IPLত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে ব্যয়বহুল টুৰ্নামেণ্টখনকলৈ সৃষ্টি হৈছে ভাবুকিৰ। বিগত ছিজনত ক’ভিডৰ ছেকেণ্ড ৱেভৰ বাবে মাজভাগতে বাতিল হৈছিল IPLৰ খেল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...