প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছৰ তললৈ নামিল পাৰাস্তম্ভ। প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত।

১৮৯১ চনৰ পৰা শ্ৰীনগৰ প্ৰতিদিনে তাপমাত্ৰা জোখাৰ নিয়ম আৰম্ভ হৈছিল। তাৰ পিছত বহুবাৰ তাপমাত্ৰা হ্ৰাস, বৃদ্ধি প্ৰত্যক্ষ কৰিছে শ্ৰীনগৰে।

১৯৩৪ চনৰ ১৩ ডিচেম্বৰত সৰ্বাধিক নিম্নগামী হৈছিল পাৰাস্তম্ভ। মাইনাছ ১২.৮ ডিগ্ৰী ছেলচিয়াছলৈ নামিছিল তাপমাত্ৰা। ইয়াৰ পিছত কোনোদিন তাপমাত্ৰা এই হাৰত নিম্নগামী হোৱা নাই। ২১ ডিচেম্বৰত শ্ৰীনগৰৰ তাপমাত্ৰা নামিল মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছলৈ।

অনন্তনাগত মাইনাছ ১০.৫ ডিগ্ৰী ছেলচিয়াছ। ছোপিয়ানত তাপমাত্ৰা মাইনাছ ১০.৪ ডিগ্ৰী ছেলচিয়াছ। পুলৱামাত তাপমাত্ৰা নামিল মাইনাছ ১০.৩ ডিগ্ৰী ছেলচিয়াছলৈ।

সাধাৰণতে ডিচেম্বৰৰ শেষৰ পৰা ৩১ জানুৱাৰী পৰ্যন্ত জম্মু কাশ্মীৰত তাপমাত্ৰা অতি নিম্নগামী হয়। এইবাৰ ২১ ডিচেম্বৰত আৰম্ভ হ’ল প্ৰৱল শীতৰ দিনকেইটা। তাপমাত্ৰা অধিক হ্ৰাস পোৱাৰ সম্ভাৱনাও আছে। প্ৰৱল শীতৰ বাবে সমস্যা বাঢ়িছে স্থানীয় লোকৰ।

পানীৰ অভাৱত হাহাকাৰ অৱস্থা। পানীৰ পাইপত বৰফ জমা হৈ বন্ধ হৈ পৰিছে। বিদ্যুৎ সৰবৰাহ বন্ধ হৈছে। এনে অৱস্থাত মাটিৰ চৌকাই ভৰষা হৈ পৰিছে জম্মু কাশ্মীৰবাসীৰ বাবে। ইফালে ধাৰাবাহিকভাৱে বৰফ পৰিছে প্ৰায় গোটেই কাশ্মীৰ উপত্যকাত। প্ৰৱল শীতৰ বাবে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য চাবলৈ যোৱা পৰ্যটকেও ১০বাৰ ভাবিবলগীয়া হৈছে।

Popular

More like this
Related

মেৰাপানীত পিষ্টলসহ নগা যুৱকক আটক, উদ্ধাৰ সজীৱ গুলী

মেৰাপানীত পিষ্টলসহ নগা যুৱকক আটক, উদ্ধাৰ সজীৱ গুলী। গণৰাজ্য...

শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰৰ!

ঢেকিয়াজুলিৰ চিৰাজুলিত শিক্ষকৰ প্ৰহাৰত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ অভিযোগ।...

জাপানৰ সংসদীয় উপমন্ত্ৰীৰ সৈতে অসমৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলৰ সৈতে অসমৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে সংযোগ...

যোৰহাটত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

৫০ লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু শংকৰ সংঘ। যোৰহাট...