ভাৰততকৈ কম মূল্যত ৰাফেল ক্ৰয় কৰিব ইণ্ডোনেছিয়াই!

পুনৰ চৰ্চাত ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ প্ৰসংগ। ভাৰততকৈ কম মূল্যত ৰাফেল ক্ৰয় কৰিব ইণ্ডোনেছিয়াই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰ অনুসৰি ফ্ৰান্সৰ পৰা ৪২খনকৈ যুঁজাৰু বিমান ক্ৰয় কৰিব ইণ্ডোনেছিয়াই। ৮.১ বিলিয়ন ডলাৰত ক্ৰয় কৰাৰ চুক্তি ইণ্ডোনেছিয়াৰ। ইয়াৰ বিপৰীতে ৩৬খন ৰাফেল ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰাৰ চুক্তি কৰিছিল ৮.৭ বিলিয়ন ডলাৰত। ২০১৬ চনত ভাৰত-ফ্ৰান্সৰ মাজত হৈছিল ৰাফেল চুক্তি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ফ্ৰেঙ্কোইছ অ’লাণ্ডৰ মাজত ডাছল্টে নিৰ্মাণ কৰা যুঁজাৰু বিমান ৰাফেল ক্ৰয়ৰ চুক্তি সম্পন্ন হৈছিল।

চুক্তিৰ পাছত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল ২০১৮ত ভাৰতক ফ্ৰান্সে প্ৰদান কৰিব ৰাফেল। শেহতীয়াকৈ ইণ্ডোনেছিয়াই ভাৰততকৈ কম মূল্যত ৰাফেল ক্ৰয় কৰিবলৈ লোৱাক লৈ চৰ্চালৈ আহিছে ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ প্ৰসংগ। ইণ্ডোনেছিয়াৰ চৰকাৰে প্ৰকাশ কৰিছে ৪২খনকৈ ৰাফেল ক্ৰয় কৰাৰ পৰিকল্পনা। প্ৰথম পৰ্যায়ত ৬খন বিমান লাভ কৰিব ইণ্ডোনেছিয়াই। পাছৰ পৰ্যায়ত বাকী ৩৬খন ৰাফেল বিমানৰ ক্ৰয়ৰ পৰিকল্পনা ইণ্ডোনেছিয়া চৰকাৰৰ। বৰ্তমানলৈ ভাৰতে লাভ কৰিছে্ ২৬খন ৰাফেল যুঁজাৰু বিমান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুটা দশকৰ পাছত ইৰাকৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰ; ইৰাণৰ প্ৰভাৱ বৃদ্ধিৰ সম্ভাৱনা

দুটা দশকৰো অধিক সময়ৰ সামৰিক উপস্থিতিৰ অন্তত ইৰাকত থকা...

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...