ভাৰত-বাংলা যৌথ বিবৃতি: কি দিলে কি নিলে

✒️অচিন্ত্য শৰ্মা

অন্ত পৰিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ। ভ্ৰমণ সমাপ্তিৰ পৰ্বে চিৰাচৰিতভাবে প্ৰকাশ কৰা হ’ল উভয় দেশৰ প্ৰধানমন্ত্ৰী যুটীয়া ঘোষণা পত্ৰ; যি ঘোষণাপত্ৰই জলৰ পৰা স্থললৈ, শক্তিৰ পৰা সংযোগলৈ, বহু বিষয়কে ধৰি সামৰি ল’লে। কিন্তু সামৰি নল’লে অসম আৰু অসমৰ খিলঞ্জীয়াৰ বাবে অস্তিতৰ সংকট সৃষ্টি কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিষয়টো। তেত্ৰিছটা দফা সন্নিবিষ্ট যুটীয়া ঘোষণাপত্ৰখনৰ কোনো এটা দফাতেই উল্লেখ নহ’ল বাংলাদেশে অসম তথা ভাৰতৰ পৰা নিজৰ মানুহক ঘূৰাই নিয়াৰ কথা এই সম্পৰ্কত কিবা উদ্যোগ লোৱাৰ কথা। একেদৰে অনুল্লেখিত হৈ ৰ’ল বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত দেশখনৰ সংখ্যাগুৰু মুছলমানসকলে চলাই অহা ধাৰাবহিক নিৰ্যাতনৰ কথাও; যি নিৰ্যাতনৰ বাবে লাখ লাখ বাংলাদেশী হিন্দু ভাৰতলৈ পলাই আহিব লগা হৈছে আৰু ভাৰতে বহন কৰিবলগীয়া শৰণাৰ্থীৰ অতিৰিক্ত বোজা।

একেদৰে ত্ৰিপুৰাৰ মুহুৰীচৰ অঞ্চলত বাংলাদেশে বেদখল কৰি ৰখা ভাৰতীয় ভূখণ্ড ভাৰতক ঘূৰাই দিয়া সন্দৰ্ভতো সম্পূৰ্ণ নীৰবতা অবলম্বণ কৰিছে যুটীয়া ঘোষণা পত্ৰই। যুটীয়া ঘোষণাপত্ৰখনে নীৰৱতা অৱলম্বণ কৰিছে বাংলাদেশৰ মাটিত চীনা কাৰ্যকলাপৰ ক্ষেত্ৰটো। ভাৰতৰ লগত বন্ধুত্বৰ অভিনয় কৰি থাকি শ্বেখ হাছিনাই ভাৰতৰ চিৰশত্ৰু চীনক বৰপীৰা পাৰি দিয়া ব্যৱস্থাটো বন্ধ কৰি দিয়া সন্দৰ্ভত কোনো উল্লেখ নাথাকিল যুটীয়া ঘোষণাপত্ৰত। দৰাচলতে সমগ্ৰ ঘোষণাপত্ৰখন একপ্ৰকাৰ যেন হৈ ৰৈছে ভাৰতৰ বাবে আত্মসমৰ্পনৰ দলিল। প্ৰতিটো দফাতে শেষপৰ্যন্ত ভাৰতে বাংলাদেশক কি দিব তাৰহে পৰোক্ষ প্ৰতিশ্ৰুতি; বাংলাদেশৰ পৰা পোৱাৰ কোনো বিশেষ ব্যৱস্থা নাই। সকলোতকৈ ট্ৰেজিক কথাটো হ’ল বৰাইবাৰীৰ যুদ্ধ অপৰাধীৰহঁতৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা বা কোনো উল্লেখ নাই যুটীয়া ঘোষণাপত্ৰত। তাত্পৰ্যপূৰ্ণভাবে ভাৰত-বাংলা ভূমিসীমা চুক্তিৰ অধীনত মোদীয়ে ভাৰতৰ যি ১০ হাজাৰ ৬শ একৰ মাটি বাংলাদেশক গটাই দিছে, তাৰ ভিতৰত এই বৰাইবাৰী অঞ্চলো আছে। হয়তো সেইবাবেই বৰাইবাৰী ৰক্ষাৰ বাবে নিজৰ জীৱন দিয়া BSFৰ ছহিদ জোৱানসকলৰ কথা মোদীয়ে পাহৰিলে; পাহৰিলে সেই জোৱানসকলৰ নৃশংসভাবে হত্যা কৰা বাংলাদেশী ঘাতক, যুদ্ধ অপৰাধীহঁতৰ কথাও।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শিৱসাগৰত ভয়ংকৰ ঘটনা

শিৱসাগৰত ভয়ংকৰ ঘটনা। দুগৰাকী মহিলাক চুৰিৰে আক্ৰমণ কৰিলে এজনে।...

৬৪ বলত অপৰাজিত ১৪৪ ৰান, অনুশীলন মেচত ৰিয়ানৰ বিস্ফোৰক ইনিংছ

আঘাতৰ বাবে দীৰ্ঘ সময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা...

২০২৯ৰ পৰা মংগল গ্ৰহলৈ মানৱ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা ইলন মাস্কৰ

ইলন মাস্কে স্পেচএক্সৰ মংগল অভিযানৰ বাবে এক উচ্চাভিলাষী সময়সূচী...

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেক্টৰ খুন্দাত...