সুদীৰ্ঘ ২১ বছৰৰ মূৰত ভাৰতীয় সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছৰ মুকুট

ভাৰতৰ সুন্দৰীয়ে অৰ্জন কৰিলে বিশ্বৰ শীৰ্ষ সৌন্দৰ্য প্ৰতিযোগিতা মিছ ইউনিভাৰ্ছৰ খিতাপ। পঞ্জাৱৰ হাৰনাজ সান্ধুৱে পিন্ধিলে এই মুকুট। সুদীৰ্ঘ ২১টা বছৰৰ মূৰত এই খিতাপ লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় সুন্দৰীয়ে।

২০০০ চনত লাৰা দত্তই এই খিতাপ লাভ কৰাৰ পিছত পঞ্জাৱৰ সুন্দৰী হাৰনাজ সান্ধুৱে এইবাৰ দখল কৰিবলৈ সক্ষম হ’ল মিছ ইউনিভাৰ্ছৰ সন্মান। ইজৰাইলৰ এলিয়াটত অনুষ্ঠিত হোৱা ৭০সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ২১ বছৰীয়া হাৰনাজ সান্ধুৱে পাৰাগুৱেৰ নাদিয়া ফেৰেইৰা আৰু দক্ষিণ আফ্ৰিকাৰ লেলেলা চাৱানেক পৰাজিত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়। ২০২০ৰ মিছ ইউনিভাৰছ দক্ষিণ আফ্ৰিকাৰ এণ্ড্ৰিয়া মেজাই হাৰনাজৰ শিৰত পিন্ধাই দিয়ে মিছ ইউনিভাৰ্ছৰ মুকুট।

ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ ত লাৰা দত্তই দখল কৰিবলৈ সক্ষম হৈছিল মিছ ইউনিভাৰ্ছৰ সন্মান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...