আজি ভাৰতৰ বলিঙৰ ‘মহা-পৰীক্ষা’

ইংলেণ্ডৰ বেটিং ধ্বংস কৰিবলৈ কি কৰিব শুভমন গীলে?

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলা অব্যাহত। ৫খনকৈ হ’ব লগা শৃংখলাৰ প্ৰথম মেচত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল ভাৰত। কিন্তু ক্ৰিকেটৰ ৰণাংগনত ইংলেণ্ডক প্ৰত্যুত্তৰ দিবলৈ অপেক্ষাত আছিল ভাৰত। অধিনায়ক শুভমন গীলৰ বাৰ্মিংহামত ২৬৯ ৰান সংগ্ৰহেৰে অভিলেখ। বিদেশৰ ভূমিত সৰ্বাধিক ৰান কৰা ভাৰতীয় বেটাৰ হিচাপে ৰেকৰ্ড গঢ়িলে শুভমনে। দ্বিশতক অৰ্জন কৰা তৃতীয় সৰ্বাধিক কম বয়সীয়া অধিনায়ক হ’ল শুভমন। কিন্তু তথাপিও ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰে ইংলেণ্ডৰ বেটিং অৰ্ডাৰে। তিনি নম্বৰ দিনৰ ভিতৰতে ভাৰতে খেলখন নিয়ন্ত্ৰণ কৰিব নে ইংলেণ্ডে এতিয়াও পুনৰ প্ৰত্যাৱৰ্তন ৰূপে থিয় দিব ভাৰতৰ সন্মুখত? প্ৰথম শৃংখলাত ভাৰতৰ বেটিং প্ৰদৰ্শন উন্নতমানৰ আছিলে যদিও বলিং অৰ্ডাৰৰ সূচনীয় প্ৰদৰ্শনৰ বাবে পৰাজয় হৈছিল ভাৰত।

এডবেষ্টন টেষ্টৰ তৃতীয় দিনাই টীম ইণ্ডিয়াৰ বাবে মুকলি প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ইংলেণ্ডে। শুভমন গীলৰ প্ৰথম ইনিংছত ২৬৯ ৰানৰ ঐতিহাসিক ইনিংছৰ জৰিয়তে ভাৰতে স্ক’ৰব’ৰ্ডত এক বিশাল ৫৮৭ ৰান সংগ্ৰহ কৰে। কিন্তু এতিয়া আচল পৰীক্ষা হ’ব বলাৰৰ। বৰ্তমান দ্বিতীয় দিনৰ শেষত ভাৰতীয় বেগী বলাৰসকলে ৩টা উইকেট দখল কৰিছে, ইংলেণ্ডৰ স্ক’ৰ হৈছে ৭৭ ৰান। ভাৰতৰ পৰা ৫১০ ৰান পিছ পৰি আছে ইংলেণ্ড। আজি ৪ জুলাইত যেতিয়া তৃতীয় দিনৰ খেল আৰম্ভ হ’ব, তেতিয়া ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব জো ৰুট আৰু যুৱ বেটছমেন হেৰী ব্ৰুকৰ উইকেট। যদি আমি চাওঁ তেন্তে ইংলেণ্ডৰ বেটিঙৰ আটাইতকৈ শক্তিশালী বেটাৰ হৈছে ৰুট। তেওঁৰ কৌশল, ধৈৰ্য্য আৰু অভিজ্ঞতাই ভাৰতীয় বলাৰৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে। যদিহে ৰুটে দীঘলীয়া ইনিংছ খেলে তেন্তে ভাৰতৰ অগ্ৰগতি হেঁচাত পৰিব পাৰে। কিন্তু প্ৰথম দিনাই আকাশ দীপে বেন ডাকেট আৰু অলি পোপ দুয়োকে ক্ষীপ্ৰতাৰে (০) ৰানত আউট কৰে। ইয়াৰ পিছতে মহম্মদ ছিৰাজে জেক ক্ৰ’লি (১৯)ৰানত আউট কৰি ইংলেণ্ডৰ স্ক’ৰ ২৫/৩ লৈ হ্ৰাস কৰিছিল। আজি হ’ব ভাৰতীয় বলাৰৰ ‘অগ্নি পৰিক্ষা’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...