বিপদত অবৈধ ভাৰতীয়, এইবাৰ ব্ৰিটেইনত অনুপ্ৰৱেশকাৰীক বিচাৰি অভিযান

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুকৰণত এইবাৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে ব্ৰিটেইনেও। ব্ৰিটেইনৰ বিভিন্ন অঞ্চলক অবৈধভাৱে কাম কৰি থকা ভাৰতীয়কে ধৰি আন দেশৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে ব্ৰিটেইনৰ চৰকাৰে। আমেৰিকাৰ পিছত এইবাৰ অনুপ্ৰৱেশকাৰীক লৈ তৎপৰ ব্ৰিটেইন। হোটেল, ৰেস্তোঁৰাকে ধৰি সকলোতে অনুপ্ৰৱেশকাৰীক বিচাৰি অভিযান। সম্প্ৰতি ব্ৰিটেইনত অবৈধভাৱে বসবাস কৰি আছে ১৯ হাজাৰ বিদেশী অনুপ্ৰৱেশকাৰী। ইতিমধ্যে ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছে কেবাশ অনুপ্ৰৱেশকাৰীক। ব্ৰিটেইনৰ বিভিন্ন ক্ষেত্ৰত কামত নিয়োজিত হৈ আছিল এইসকল বিদেশী অনুপ্ৰৱেশকাৰী। হোটেল, ৰেস্তোঁৰা, বাৰ, ষ্টোৰ, কাৰৱাশ্ব কেন্দ্ৰত নিয়োজিত এইসকল। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুকৰণত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ব্ৰিটিছ চৰকাৰৰ। জানুৱাৰীত দেশৰ ৮২৮টা স্থানত অভিযান ‘ইমিগ্ৰেছন এনফ’ৰ্চমেণ্ট’ দলৰ। উত্তৰ ইংলেণ্ডৰ হামাৰছাইডৰ এখন ৰেস্তোঁৰাৰ পৰা গ্ৰেপ্তাৰ ৭ ভাৰতীয় অনুপ্ৰৱেশকাৰীক। বিভিন্ন অঞ্চলৰ পৰা আটক কৰা হৈছে আন কেইবাজনো ভাৰতীয়ক। প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰ্মাৰে কাৰ্যভাৰ গ্ৰহণৰ পিছতে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
শাস্তি প্ৰদান, জৰিমনাৰ বাবে সংশ্লিষ্ট পক্ষলৈ এহেজাৰো অধিক জাননী। দোষী সাব্যস্ত হ’লে নিয়োগ কৰ্তাই ভৰিব লাগিব প্ৰতিজন কৰ্মচাৰীৰ বাবে ৬০ হাজাৰ পাউণ্ড। যোৱা জুলাইৰ পৰা বৰ্তমানলৈকে ব্ৰিটিছ চৰকাৰে চিনাক্ত কৰিছে ১৬,৪০০অনুপ্ৰৱেশকাৰীক। ইয়াৰ ভিতৰত আছে বহু সংখ্যক ভাৰতীয় অনুপ্ৰৱেশকাৰীৰও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...