পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰত ভাৰতীয় মিছাইল

পাকিস্তানৰ ভূমিত পৰিল ভাৰতীয় মিছাইল। ভাৰতীয় মিছাইলে পাকিস্তানৰ আকাশমাৰ্গৰ ১০০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে দুই দেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। তাৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে স্পষ্ট কৰিলে নিজৰ স্থিতি। দুৰ্ঘটনাবশতঃ মিছাইলটো পাকিস্তানত প্ৰৱেশ কৰা বুলি জনায় প্ৰতিৰক্ষা মন্ত্ৰালয়ে। ৯ মাৰ্চত সংঘটিত হৈছিল এই অপ্ৰত্যাশিত ঘটনা। নিয়মীয়া তদাৰকীৰ সময়ত কাৰিকৰী বিজুতিৰ বাবেই মিছাইলটো নিক্ষেপ হোৱা বুলি সদৰী কৰিছে কেন্দ্ৰই। এক বিবৃতিযোগে ঘটনাক দুখজনক আখ্যা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ। এই ঘটনাৰ পিছতে এক উচ্চ পৰ্যায়ৰ তদন্তও ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে ভাৰতৰ মিছাইলৰ আঘাতত পাকিস্তানৰ কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। আনহাতে পাকিস্তানে দাবী কৰা মতে শব্দতকৈ প্ৰায় তিনি গুণ বেগত অহা মিছাইলটোৱে পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰে। এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে ভৱিষ্যতে এনে অসাৱধানতাৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দিয়ে ইছলামাবাদে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...