ফিনিছাৰ ৰিংকুৰ বেটিং চাবলৈ সাজু অসমবাসী

ফিনিছাৰ ৰিংকুৰ বেটিং চাবলৈ সাজু অসমবাসী
সূৰ্য কুমাৰ যাদৱৰ 360 ইনিংছৰ বাবে সাজু হৈ উঠিছে বৰ্ষাপাৰা
T-20 মেচখনৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
প্ৰায় ৩ হাজাৰ আৰক্ষী নিয়োজিত থাকিব বৰ্ষাপাৰাত

বিশাখাপত্তনম আৰু ত্ৰিবান্দ্ৰমৰ পিছত T-20ৰ ধামাকাৰ বাবে সাজু গুৱাহাটী। কাইলৈ অৰ্থাৎ ২৮ নৱেম্বৰত গুৱাহাটীৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন T-20 মেচ। শৃংখলাখনত ২-০ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় ক্ৰিকেট দল। দেওবাৰে ত্ৰিবান্দ্ৰমত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত কেংগাৰু বাহিনীক ৪৪ ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই। ইপিনে, বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগা মেচৰ বাবে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হয় দুয়ো দল। খবৰ অনুসৰি ভাৰতীয় দল থাকিব জালুকবাৰীস্থিত ৰেডিছন ব্লুত। আনহাতে, অষ্ট্ৰেলিয়াৰ দলটো থাকিব খানাপাৰাৰ হোটেল ভিভান্টাত। মঙ্গলবাৰে অনুষ্ঠিত হ’ব লগা মেচৰ বাবে বৰ্ষাপাৰাৰ
৫ আৰু ৬ নম্বৰ গেট খুলি দিয়া হ’ব দিনৰ ৩ বজাত
বাকী গেট সমূহ খুলি দিয়া দিব বিয়লি ৪ বজাত
ম’বাইল আৰু মানী বেগৰ বাহিৰে অন্য বস্তু আনিব নোৱাৰিব দৰ্শকে
ষ্টেডিয়ামৰ ভিতৰত থাকিব পানী, থাকিব খাদ্য বিপণী

খেলখনৰ বাবে অসমৰ আৰক্ষীৰ জোৰদাৰ প্ৰস্তুতি। কটকটীয়া হ’ব নিৰাপত্তা ব্যৱস্থা। আৰক্ষীৰ উচ্চ পদস্থ বিষয়া থাকিব খেলখনৰ নিৰাপত্তা নিৰীক্ষণত। এতিয়া অপেক্ষা মাথোঁ কিছু সময়ৰ। বৰ্ষাপাৰাত T-20 মেচ চাবলৈ সাজু ক্ৰিকেট অনুৰাগী। সাজু অসমবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...