কাইলৈ আহমেদাবাদত ক্ৰিকেটৰ মহাসমৰ, কোন হ’ব জয়ী?

ভাৰত-পাকিস্তানৰ মহাৰণৰ বাবে সাজু ক্ৰিকেট অনুৰাগী
সাজু নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম, সাজু খেলুৱৈসকল
ভাৰত নে পাকিস্তান? কোন হ’ব জয়ী?
উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগী মাজত

শনিবাৰে অপেক্ষাৰ অন্ত পৰিব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত চলিব ক্ৰিকেট মহাৰণ। সুমুখ সমৰত নামিব ৰোহিত আৰু বাবৰ বাহিনী। ইতিমধ্যে বহু গুৰুত্বপূৰ্ণ খেলখনৰ বাবে বিক্ৰী হৈছে সকলো টিকট। প্ৰায় ১ লাখ ৩০ হাজাৰ দৰ্শকৰ উপস্থিতত ২২ গজত চলিব বেট-বলৰ যুদ্ধ। দুয়োখন দেশৰ মাজত এদিনীয়া বিশ্বকাপত অনুষ্ঠিত হোৱা ৭খন মেচৰ ৭ খনতে জয়লাভ কৰিছে ভাৰতে। ইপিনে, ভাৰত-পাকিস্তানৰ মেচৰ বাবে BCCIয়ে কৰিছে ব্যাপক আয়োজন। মেচখনৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত হ’ব তাৰকাৰ সমাগম। আহিব পাকিস্তান ক্ৰিকেট বোৰ্ডৰ বিষয়বগীয়া। ছুপাৰষ্টাৰ অমিতাভ বচ্চন, দক্ষিণৰ মহাতাৰকা ৰজনীকান্ত উপস্থিত থকাৰ সম্ভাৱনা। ইপিনে, মেচখন আৰম্ভ হোৱাৰ পূৰ্বে দুপৰীয়া ১২.৩০ বজাত অনুষ্ঠিত হ’ব সংগীতৰ অনুষ্ঠান।

‘A Musical Odyssey’ নামৰে BCCI আয়োজন কৰিব এই অনুষ্ঠান
অৰিজিত সিং, শংকৰ মহাদেৱন আৰু সুখবিন্দৰ সিঙে কৰিব পৰিৱেশন

আনহাতে, হাই-ভল্টেজ মেচখনত ভাৰতীয় ক্ৰিকেটৰ প্ৰিন্স শুভমন গিলে অংশগ্ৰহণ কৰিব পাৰে নে নাই তাকেই লৈ এতিয়া আছে প্ৰশ্নবোধক। অবশ্যে, বৃহস্পতিবাৰে আহমেদাবাদত উপস্থিত হৈ প্ৰায় ৪৫ মিনিট ধৰি কঠোৰ অনুশীলনত নামি পৰে গিল। আনহাতে, পাকিস্তানৰ মহম্মদ ৰিজৱানৰ পূৰ্বেৰ মেচৰ প্ৰদৰ্শনে চিন্তাত পেলাব অধিনায়ক ৰোহিতক। ইপিনে, বাবৰ আজমৰ বেটেৰে ৰান আহিলে ভাৰতৰ বাবে হ’ব কিছু চিন্তাকৰ। অবশ্যে, বুমৰাহ, ছিৰাজ, কুলদীপ যাদৱ, জাদেজাৰ দমনিয় প্ৰদৰ্শনে পাকিস্তানৰ বেটাৰক কম ৰানত ৰখাবলৈ সক্ষম হ’ব বুলি আশা কৰিছে ক্ৰিকেট অনুৰাগীয়ে। ইপিনে, বেটিঙত ৰোহিত, কোহলি, ৰাহুলৰ ত্ৰিযুটীয়ে ভাৰতীয় দলক বেটিঙত আশ্বাস দিব। এতিয়া অপেক্ষা শনিবাৰলৈ। পাকিস্তানক পৰাস্ত কৰি বিশ্বকাপত তৃতীয়টো জয় হওঁক ভাৰতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...