কাইলৈ আহমেদাবাদত ক্ৰিকেটৰ মহাসমৰ, কোন হ’ব জয়ী?

ভাৰত-পাকিস্তানৰ মহাৰণৰ বাবে সাজু ক্ৰিকেট অনুৰাগী
সাজু নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম, সাজু খেলুৱৈসকল
ভাৰত নে পাকিস্তান? কোন হ’ব জয়ী?
উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগী মাজত

শনিবাৰে অপেক্ষাৰ অন্ত পৰিব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত চলিব ক্ৰিকেট মহাৰণ। সুমুখ সমৰত নামিব ৰোহিত আৰু বাবৰ বাহিনী। ইতিমধ্যে বহু গুৰুত্বপূৰ্ণ খেলখনৰ বাবে বিক্ৰী হৈছে সকলো টিকট। প্ৰায় ১ লাখ ৩০ হাজাৰ দৰ্শকৰ উপস্থিতত ২২ গজত চলিব বেট-বলৰ যুদ্ধ। দুয়োখন দেশৰ মাজত এদিনীয়া বিশ্বকাপত অনুষ্ঠিত হোৱা ৭খন মেচৰ ৭ খনতে জয়লাভ কৰিছে ভাৰতে। ইপিনে, ভাৰত-পাকিস্তানৰ মেচৰ বাবে BCCIয়ে কৰিছে ব্যাপক আয়োজন। মেচখনৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত হ’ব তাৰকাৰ সমাগম। আহিব পাকিস্তান ক্ৰিকেট বোৰ্ডৰ বিষয়বগীয়া। ছুপাৰষ্টাৰ অমিতাভ বচ্চন, দক্ষিণৰ মহাতাৰকা ৰজনীকান্ত উপস্থিত থকাৰ সম্ভাৱনা। ইপিনে, মেচখন আৰম্ভ হোৱাৰ পূৰ্বে দুপৰীয়া ১২.৩০ বজাত অনুষ্ঠিত হ’ব সংগীতৰ অনুষ্ঠান।

‘A Musical Odyssey’ নামৰে BCCI আয়োজন কৰিব এই অনুষ্ঠান
অৰিজিত সিং, শংকৰ মহাদেৱন আৰু সুখবিন্দৰ সিঙে কৰিব পৰিৱেশন

আনহাতে, হাই-ভল্টেজ মেচখনত ভাৰতীয় ক্ৰিকেটৰ প্ৰিন্স শুভমন গিলে অংশগ্ৰহণ কৰিব পাৰে নে নাই তাকেই লৈ এতিয়া আছে প্ৰশ্নবোধক। অবশ্যে, বৃহস্পতিবাৰে আহমেদাবাদত উপস্থিত হৈ প্ৰায় ৪৫ মিনিট ধৰি কঠোৰ অনুশীলনত নামি পৰে গিল। আনহাতে, পাকিস্তানৰ মহম্মদ ৰিজৱানৰ পূৰ্বেৰ মেচৰ প্ৰদৰ্শনে চিন্তাত পেলাব অধিনায়ক ৰোহিতক। ইপিনে, বাবৰ আজমৰ বেটেৰে ৰান আহিলে ভাৰতৰ বাবে হ’ব কিছু চিন্তাকৰ। অবশ্যে, বুমৰাহ, ছিৰাজ, কুলদীপ যাদৱ, জাদেজাৰ দমনিয় প্ৰদৰ্শনে পাকিস্তানৰ বেটাৰক কম ৰানত ৰখাবলৈ সক্ষম হ’ব বুলি আশা কৰিছে ক্ৰিকেট অনুৰাগীয়ে। ইপিনে, বেটিঙত ৰোহিত, কোহলি, ৰাহুলৰ ত্ৰিযুটীয়ে ভাৰতীয় দলক বেটিঙত আশ্বাস দিব। এতিয়া অপেক্ষা শনিবাৰলৈ। পাকিস্তানক পৰাস্ত কৰি বিশ্বকাপত তৃতীয়টো জয় হওঁক ভাৰতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...