এইবাৰো চলিবনে হাৰ্ডিক পাণ্ডিয়াৰ যাদু?

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ যেন ব্যস্ততাৰ অন্ত নাই। দেওবাৰে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ৫ উইকেটৰ ৰোমাঞ্চকৰ জয়ৰ পিছত পুনৰ দেওবাৰে খেলপথাৰত নামিব চিৰবৈৰী ভাৰত আৰু পাকিস্তান। যোৱা দেওবাৰৰ দৰে একে সময়তে ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামৰ ক্ৰিকেট পিটচত জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব দুয়োটা দলে।

কিন্তু এইবাৰ গ্ৰুপ ষ্টেজৰ খেলত নহয় ছুপাৰ 4ৰ গুৰুত্বপূৰ্ণ মেচত ২ পইণ্ট জিনিবলৈ চেষ্টা চলাব ভাৰত আৰু পাকিস্তানে। ইতিমধ্যে গ্ৰুপ ষ্টেজত পাকিস্তান আৰু হংকঙক সহজে পৰাস্ত কৰি শীৰ্ষস্থানত আছে টীম ইণ্ডিয়া। ইপিনে, ভাৰতৰ হাতত প্ৰথম মেচত পৰাজয় বৰণ কৰাৰ পিছত নিজৰ দ্বিতীয়খন মেচত হংকঙক ১৫৫ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছিল পাকিস্তানে।

খেলখনত প্ৰথমে বেট ধৰি নট আউট মহম্মদ ৰিজৱানৰ ৭৮ আৰু ফখৰ জামানৰ ৫৩ ৰানৰ দুৰ্দান্ত ইনিংছৰ সহায়ত পাকিস্তানে ২০ অভাৰত ১৯৩ ৰান কৰিবলৈ সক্ষম হৈছিল। আনহাতে, পাকিস্তানৰ বিধ্বংসী বলিঙৰ মুখামুখি হব নোৱাৰি হংকঙে কেৱল ৩৮ ৰানহে কৰিবলৈ সক্ষম হৈছিল। পাকিস্তানৰ হৈ ছাদাব খানে ৪টা আৰু মহম্মদ নাৱাজে ৩টাকৈ গুৰত্বপূৰ্ণ উইকেট দখল কৰিছিল।

হংকঙৰ বিৰুদ্ধে পাকিস্তানৰ এই বৃহৎ জয়ে প্ৰমাণ কৰিছে যে কাইলৈ ভাৰতে কোনোপধ্যে পাক দলটোক সহজভাৱে লব নোৱাৰে। দেশৰ কোটি কোটি অনুৰাগীৰ আশা ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন তীব্ৰ প্ৰতিদ্বন্দিতামূলক হ’ব। শেষ হাঁহি কিন্তু ভাৰতেই মাৰিব। এতিয়া অপেক্ষা মাথোঁ কেইটামান ঘণ্টাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...