শুল্ক যুদ্ধৰ মাজতে ছেপ্টেম্বৰ মাহত আমেৰিকালৈ যাব পাৰে মোদী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকৌ এবাৰ আমেৰিকা ভ্ৰমণ কৰিব পাৰে। চলিত বছৰৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে তেওঁৰ এই ভ্ৰমণৰ সম্ভাৱনা আছে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উচ্চপৰ্যায়ৰ বৈঠকত অংশগ্ৰহণৰ বাবেই তেওঁ আমেৰিকা ভ্ৰমণ কৰিবলৈ ওলাইছে। তথাপিও এই বিষয়ে ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে, ছেপ্টেম্বৰত মোদীৰ আমেৰিকা ভ্ৰমণৰ কথা বহু দিন ধৰি বিভিন্ন মহলত আলোচনা হৈ আহিছে। আনকি, ১১ আগষ্টত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতে মোদীৰ ফোনযোগে কথা-বতৰা হৈছিল। জেলেনস্কিয়ে ইংগিত দিছিল যে, তেওঁৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কথা-বতৰা হৈছে। সূত্ৰৰ খবৰ অনুসৰি, ৰাষ্ট্ৰসংঘৰ বৈঠকৰ মাজত নিউয়ৰ্কত এই দুই ৰাষ্ট্ৰনেতাৰ পৃথকে পৃথকে সাক্ষাতৰ বিষয়েও আলোচনা হৈছে।

ৰাষ্ট্ৰসংঘৰ এই বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰো উপস্থিত থকাৰ কথা। ইয়াৰ উপৰিও, আন বহু দেশৰ ৰাষ্ট্ৰপ্ৰধানো এই সময়ত তাত উপস্থিত থাকিব। বৈঠকৰ মাজত মোদীৰ বহু বিশ্বনেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ সম্ভাৱনা আছে। সেই তালিকাত ট্ৰাম্পো থাকিব নেকি, তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে।

এই বছৰৰ ফেব্ৰুৱাৰী মাহত ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ প্ৰথম আমেৰিকা ভ্ৰমণ আছিল। সেই সময়ত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক জোৰদাৰ কৰাৰ একাধিক বাৰ্তা প্ৰকাশ কৰা হৈছিল। দুই ৰাষ্ট্ৰনেতাৰ বন্ধুত্বও নতুনকৈ আলোচনাৰ মাজলৈ আহিছিল। সেই সময়তে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিৰ বিষয়ে মোদী আৰু ট্ৰাম্পৰ মাজত কথা-বতৰা হৈছিল। তাৰ পিছত বহু পৰিস্থিতি সলনি হৈছে। দুয়োখন দেশৰ মাজৰ বাণিজ্যিক চুক্তি এতিয়া অনিশ্চিত অৱস্থাত আছে। ইয়াৰ মাজতে ট্ৰাম্পে একপক্ষীয়ভাৱে ভাৰতীয় পণ্যৰ ওপৰত ৫০ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে। তেওঁ হুংকাৰ দিছে যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ নকৰিলে তেওঁলোকৰ ওপৰত আৰু অধিক ‘জৰিমনা’ আৰোপ কৰিব পাৰে। ট্ৰাম্পৰ এই শুল্ক আৰোপৰ বিৰুদ্ধে মোদীৰ পৰাও কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।

দুয়োখন দেশ এই সম্পৰ্কৰ মাজত যদি মোদীয়ে আমেৰিকা ভ্ৰমণ কৰে আৰু ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে, তেন্তে সেয়া অত্যন্ত তাৎপৰ্যপূৰ্ণ হ’ব বুলি বহুতে মত প্ৰকাশ কৰিছে। এই বৈঠকত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক, শুল্ক আৰু বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা হ’ব পাৰে। হয়তো কোনো এক সমাধানসূত্ৰও ওলাব পাৰে। ইয়াৰ উপৰিও, আগষ্টৰ ১৫ তাৰিখে (শুক্ৰবাৰ) আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ট্ৰাম্পৰ বৈঠকৰ বিষয়টোও ভাৰতৰ নজৰত আছে। ট্ৰাম্পৰ সৈতে আলোচনাত এই বিষয়টোও উত্থাপিত হ’ব পাৰে। উল্লেখ্য যে, ছেপ্টেম্বৰ মাহৰ ২৩ৰ পৰা ২৭ তাৰিখলৈ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উচ্চপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...