ভাৰত ‘ধৰমশালা’ নহয়; আমি পৃথিৱীৰ সকলো শৰণাৰ্থীকআশ্ৰয় দিব নোৱাৰো : উচ্চতম ন্যায়ালয়

ভাৰত কোনো ‘ধৰ্মশালা’ নহয়। সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক ইয়াত আশ্রয় দিব নোৱাৰি। এটা গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰিছে। শ্রীলংকাৰ এজন তামিল নাগৰিকক আটক কৰাৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল হৈছিল এটা গোচৰ। সেই গোচৰ খাৰিজ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ কে. বিনোদ চন্দ্রনৰ বিচাৰপীঠে এই মন্তব্য কৰে।

আইনী বাতৰি পৰিৱেশন কৰা ৱেবছাইট ‘লাইভ ল’ৰ মতে, ন্যায়াধীশ দত্তই কয়, “ভাৰতখন বিশ্বৰ শৰণাৰ্থীসকলৰ বাবে আশ্রয়স্থল হৈ পৰিছে নেকি? আমাৰ নিজৰে ১৪০ কোটি জনসংখ্যা আছে। এয়া কোনো ধৰ্মশালা নহয় যে আমি গোটেই বিশ্বৰ বিদেশী নাগৰিকৰ বাবে ব্যৱস্থা কৰিম।” এই গোচৰৰ আৱেদনকাৰী শ্রীলংকাৰ তামিল নাগৰিকৰ বিৰুদ্ধে ইউএপিএৰ অধীনত অভিযোগ আছে। মাদ্রাজ হাই কোৰ্টে পূৰ্বে জনাইছিল যে সাত বছৰৰ কাৰাদণ্ডৰ পিছত অভিযুক্তজনে তৎক্ষণাত ভাৰত ত্যাগ কৰিব লাগিব। সেই নিৰ্দেশৰ বিৰুদ্ধে শ্রীলংকাৰ নাগৰিকজনে উচ্চতম ন্যায়ালয়ত আৱেদন কৰিছিল। তেওঁৰ অধিবক্তাই দাবী কৰিছিল যে অভিযুক্তজনে ভিছা লৈয়ে ভাৰতলৈ আহিছিল আৰু নিজৰ দেশত তেওঁৰ জীৱনৰ সংশয় আছে।

অধিবক্তাজনে এইয়াও উল্লেখ কৰিছিল যে অভিযুক্তজন প্ৰায় তিনি বছৰ ধৰি আটক হৈ আছে। তেতিয়া ন্যায়াধীশ দত্তই সোধে, এই ব্যক্তিজনৰ ভাৰতত থকাৰ কি অধিকাৰ আছে? গোচৰীয়া পক্ষৰ অধিবক্তাই জনায় যে তেওঁৰ মক্কেল এজন শৰণাৰ্থী আৰু তেওঁৰ পত্নী-সন্তানো ভাৰতত বাস কৰে। কিন্তু আদালতে সেই যুক্তি গ্রহণ কৰাৰ যোগ্য বুলি নাভাবিলে। ন্যায়াধীশ দত্তই স্পষ্ট কৰি দিয়ে যে ভাৰতৰ নাগৰিকসকলৰ বাবেহে সংবিধানৰ ১৯ নং অনুচ্ছেদৰ অধীনত ভাৰতত স্থায়ীভাৱে থকাৰ মৌলিক অধিকাৰ আছে।

গোচৰীয়াই জীৱনৰ সংশয় সম্পৰ্কীয় আৰ্জিও আদালতে গ্রহণ কৰা নাই। নিজৰ দেশলৈ ঘূৰি গ’লে জীৱনৰ সংশয়ৰ আশংকাৰ কথা শুনি ন্যায়াধীশ দত্তই কয়, “তেন্তে আন কোনো দেশলৈ যাওক!” শেহতীয়াকৈ ৰোহিংগাসকলক ভাৰতৰ পৰা বিতাড়ন ৰোধ কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ পঞ্জীয়ন হৈছিল। সেই বিষয়তো শীৰ্ষ আদালতে কোনো হস্তক্ষেপ কৰিবলৈ ইচ্ছুক নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...